অসম

assam

ETV Bharat / state

গুৱাহাটী মহানগৰীৰ যান-বাহনত নতুন নিয়মৰ প্ৰৱৰ্তন - নতুন নিয়মৰ প্ৰৱৰ্তন যাতায়াত প্ৰশাসনৰ

গুৱাহাটী মহানগৰীৰ যান-বাহনত নতুন নিয়ম প্ৰৱৰ্তনক লৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য প্ৰকাশ ৷ দীৰ্ঘদিন ধৰি মহানগৰবাসীয়ে প্ৰশাসনৰ নীতি-নিয়ম উলংঘা কৰি অহাৰ বাবে নতুন ব্যৱস্থা হাতত লৈছে প্ৰশাসনে ৷

গুৱাহাটী মহানগৰীৰ যান-বাহনত নতুন নিয়মৰ প্ৰৱৰ্তন
গুৱাহাটী মহানগৰীৰ যান-বাহনত নতুন নিয়মৰ প্ৰৱৰ্তন

By

Published : Mar 20, 2020, 5:17 PM IST

গুৱাহাটী, 20 মাৰ্চঃ গুৱাহাটী মহানগৰীৰ যান-বাহনত নতুন নিয়ম প্ৰৱৰ্তন কৰিছে যাতায়াত প্ৰশাসনে ৷ বৃহস্পতিবাৰে মহানগৰীৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । মহানগৰীৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে প্ৰশাসনে গ্ৰহণ কৰিছে বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা । আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই জনোৱা মতে,দীৰ্ঘদিন ধৰি মহানগৰবাসীয়ে প্ৰশাসনৰ নীতি-নিয়ম উলংঘাকৰি আহিছে ৷ গতিকে যানবাহন আইন উলংঘা কৰা প্ৰতিজন ব্যক্তিক প্ৰশাসনে শাস্তিমূলক ব্যৱস্থাৰে উচিত শিক্ষা দিব। লগতে প্ৰতিজন ব্যক্তিয়েফাঁচী বজাৰৰ 1 হাজাৰতকৈ অধিক গাড়ী পাৰ্কিং কৰিব পৰা জেলৰ ফিল্ডত সকলো গাড়ী পার্ক কৰিব লাগিব বুলি আৰক্ষী সঞ্চালক প্ৰধানে জানিবলৈ দিয়ে। আনহাতে তেওঁ ক'ৰণা ভাইৰাছৰ পৰাও নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ মহানগৰবাসীক আহ্বান জনায় ৷

গুৱাহাটী মহানগৰীৰ যান-বাহনত নতুন নিয়মৰ প্ৰৱৰ্তন

ABOUT THE AUTHOR

...view details