অসম

assam

অসম ৰাজ্যিক চিৰিয়াখানাত বিশেষ যন্ত্ৰৰ সহায়ত উৎপাদন কৰা হ'ব ঘাঁহ

By

Published : Jan 3, 2020, 4:00 AM IST

অসম ৰাজ্যিক চিৰিয়াখানাৰ তৃণভোজী জন্তুবোৰৰ বাবে এতিয়াৰে পৰা চিৰিয়াখানা চৌহদত উৎপাদন কৰা হ’ব ঘাঁহ । এক বিশেষ যন্ত্ৰৰ দ্বাৰা এমাহৰ ভিতৰতে উৎপাদন কৰিব পৰা যাব ঘাঁহ ৷ এই যন্ত্ৰটি ক্ৰয়ৰ বাবে গুৱাহাটী শোধানাগাৰে বৃহস্পতিবাৰে চিৰিয়াখানা কৰ্তৃপক্ষক প্ৰদান কৰে ৩১,২৯,৩৯৫ টকাৰ চেক ৷ লগতে চলিত বৰ্ষত নতুন জীৱজন্তু অনাৰ পৰিকল্পনা যুগুত কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷

অসম ৰাজ্যিক চিৰিয়াখানা
হিটাৰ ব্যৱহাৰ

গুৱাহাটী,2 জানুৱাৰীঃ বছৰৰ আৰম্ভণিতে এটি সুখবৰ ৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ তৃণভোজী জন্তুবোৰৰ বাবে এতিয়াৰে পৰা চিৰিয়াখানা চৌহদত উৎপাদন কৰা হ’ব ঘাঁহ । এক বিশেষ যন্ত্ৰৰ দ্বাৰা এমাহৰ ভিতৰতে উৎপাদন কৰিব পৰা যাব ঘাঁহ ৷ এই যন্ত্ৰটি ক্ৰয়ৰ বাবে গুৱাহাটী শোধানাগাৰে বৃহস্পতিবাৰে চিৰিয়াখানা কৰ্তৃপক্ষক প্ৰদান কৰে ৩১,২৯,৩৯৫ টকাৰ চেক ৷ এই প্ৰসংগত গুৱাহাটী শোধানাগাৰ আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ মাজত স্বাক্ষৰিত হোৱা এক চুক্তি অনুসৰি টকাখিনি প্ৰদান কৰে শোধনাগাৰ কৰ্তৃপক্ষই ৷ চি আৰ এছৰ অধীনত গুৱাহাটী শোধনাগাৰে প্ৰদান কৰা উক্ত ধনেৰে চিৰিয়াখানাই ক্ৰয় কৰিব বিশেষ যন্ত্ৰটি । যন্ত্ৰটোৰ জৰিয়তে এতিয়াৰে পৰা উৎপাদন কৰিব পৰা যাব ঘাঁহৰ লগতে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ ।

শীতৰ পৰা ৰক্ষা পাবলৈ চিৰিয়াখানাত ব্যৱহাৰ হিটাৰ

যন্ত্ৰৰ জৰিয়তে উৎপাদন কৰা ঘাঁহ পুষ্টিকৰ হ’ব বুলি জানিবলৈ দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ সমান্তৰালভাৱে চিৰিয়াখানা চৌহদ সেউজীকৰণ আৰু অন্যান্য উন্নয়নমূলক কাম সম্পন্ন কৰা হ’ব উক্ত ধনেৰে । চুক্তি স্বাক্ষৰ অনুষ্ঠানটোত বন মন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যৰ বন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু শোধানাগাৰ কৰ্তৃপক্ষ ৷ উল্লেখ্য যে,চলিত বছৰত চিৰিয়াখানালৈ কেইবাটাও নতুন জন্তু অনাৰ পৰিকল্পনা কৰিছে বন বিভাগে ৷

ইফালে ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাত শীতৰ পৰা বচাবলৈ চিৰিয়াখানাৰ জীৱ-জন্তুৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা ৷ দৈনিক সৰ্বাধিক তাপমাত্ৰা ১০-১২ ডিগ্ৰী ছেলচিয়াছলৈ হ্ৰাস পোৱাত স্বাভাৱিকতে সমস্যাৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত ৷ লগতে জীৱ-জন্তুৰ জীৱনশৈলীতো পেলাইছে প্ৰভাৱ ৷ চিৰিয়াখানা কৰ্তৃপক্ষই জীৱ-জন্তুবোৰক শীতৰ পৰা ৰক্ষা পাবলৈ খেৰৰ চালি সাজি দিছে ৷ সিংহ,ভালুক,নাহৰফুটুকী,হৰিণা আদি জন্তুৰ বাবে গৰম হিটাৰৰ ব্যৱস্থাও কৰা হৈছে । পূৰ্বে চিৰিয়াখানা কৰ্তৃপক্ষই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ জীৱ-জন্তুৰ বাবে বিশেষ সা-সুবিধা গ্ৰহণ কৰাৰ নজিৰ আছে ৷

বিশেষ যন্ত্ৰৰ সহায়ত ঘাঁহ উৎপাদন

বিগত বৰ্ষত চিৰিয়াখানালৈ জিৰাফ,সিংহ,বাঘ,মগৰ,দেওঁ-ছাগলী,ছাৰছ,ক’লা ৰাজহাঁহ,সোণালী মেকুৰী আদি জীৱ-জন্তুকে ধৰি বিভিন্ন প্ৰকাৰৰ পক্ষী বাহিৰৰ পৰা অনা হৈছিল । চলিত বৰ্ষতো মেচুৰৰ পৰা এযোৰ জেব্ৰা,ইণ্ডোনেছিয়াৰ পৰা এযোৰ চিম্পাঞ্জী আৰু কলকাতাৰ পৰা জিৰাফ অনাৰ পৰিকল্পনা কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷ ইফালে বতৰৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত পৰৱৰ্তী দুদিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।

লগতে চাওকঃজোনাইৰ ৰায়াংকুলি উপ-স্বাস্থ্যকেন্দ্ৰৰ দুৰৱস্থাই উদঙালে বিকশিত অসমৰ স্বাস্থ্যখণ্ডৰ প্ৰতিচ্ছৱি

ABOUT THE AUTHOR

...view details