গুৱাহাটী, ৪ জুলাই :ৰাজ্যৰ চাহ উদ্যোগ সমূহে অৰ্থ'ডক্স আৰু বিশেষ গুণসম্পন্ন চাহ উৎপাদন কৰাৰ ক্ষেত্ৰত উদগনি জনাবলৈ দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এক বিশেষ উদগনিমূলক আঁচনি । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে বিয়লি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই আঁচনিখন মুকলি কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ভাৰতীয় চাহ ব'ৰ্ডৰ অধ্যক্ষ প্ৰভাত বেজবৰুৱা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাও উপস্থিত থাকে ।
এতিয়াৰে পৰা চৰকাৰে মুকলি কৰা এই নতুন আঁচনিখনৰ সুবিধা ল’ব পাৰিব অসমৰ চাহ উদ্যোগীয়ে । এই আঁচনিৰ অধীনত অৰ্থ'ডক্স চাহ উৎপাদনৰ বাবে নতুন যন্ত্ৰপাতি ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰে ২৫ শতাংশ পৰ্যন্ত ৰাজসাহায্য আগবঢ়াব । অৰ্থ'ডক্স আৰু গ্ৰীণ টিৰ ক্ষেত্ৰত প্ৰতি কিলোগ্ৰামত তিনি টকাকৈ ৰেহাই দিব চৰকাৰে । যদিহে কোনো উদ্যোগৰ কাৰ্যকৰী মূলধনৰ পৰিমাণ ২০ লাখৰ অধিক হয় তেন্তে তেনে উদ্যোগলৈ চৰকাৰে তিনি শতাংশ ৰেহাই আগবঢ়াব ।
উল্লেখযোগ্য যে, সম্প্ৰতি অসমে বাৰ্ষিক ১১ শতাংশ অৰ্থ'ডক্স আৰু ৮৯ শতাংশ চিটিচি চাহ উৎপাদন কৰি আহিছে । আজি মুকলি কৰা এই উদগনিমূলক আঁচনিখন আগন্তুক তিনি বছৰৰ বাবে বাহাল থাকিব ।