অসম

assam

ETV Bharat / state

ইউইছটিএমত ইউপিএছচি প্ৰশিক্ষাৰ্থীৰ উপযোগীকৈ বিশেষ পাঠ্যক্ৰম মুকলি

নমাইলস্থিত ইউনিভাৰ্চিটি অৱ ছাইঞ্চ এণ্ড টেকনলজী মেঘালয়াত অন্তৰ্ভুক্ত হ'ল এটা নতুন বিভাগ ।

ইউইছটিএমত ইউপিএছচি প্ৰশিক্ষাৰ্থীৰ উপযোগীকৈ বিশেষ পাঠ্যক্ৰম মুকলি

By

Published : Jul 16, 2019, 10:07 AM IST

গুৱাহাটী, ১৬ জুলাই:এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে বি.এ এডমিনিষ্ট্ৰেটিভ চাৰ্ভিস ক'ৰ্চ (B.A administrative service course) কৰি ইউপিএছচি পৰীক্ষাত অৱৰ্তীৰ্ণ হ'ব পাৰিব । সোমবাৰে নমাইলস্থিত ইউনিভাৰ্চিটি অৱ ছাইঞ্চ এণ্ড টেকনলজী মেঘালয়াত অন্তৰ্ভুক্ত হ'ল এটা নতুন বিভাগ । ইউইছটিএমত ইউপিএছচি প্ৰশিক্ষাৰ্থীৰ উপযোগীকৈ এক বিশেষ পাঠ্যক্ৰম মুকলি কৰা হয়।

ইউইছটিএমত ইউপিএছচি প্ৰশিক্ষাৰ্থীৰ উপযোগীকৈ বিশেষ পাঠ্যক্ৰম মুকলি
বিশ্ববিদ্যালয়খনত সোমবাৰে আনুষ্ঠানিকভাৱে এই নতুন বিভাগটো মুকলি কৰা হয় ।এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইউপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ডি পি আগৰৱাল । ইউপিএছচিত পৰীক্ষাৰ সময়চোৱাত কেনেদৰে অধ্যয়ন কৰিব লাগে সেই কথা নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰাক্তন অধ্যক্ষগৰাকীয়ে । উক্ত অনুষ্ঠানত এনইচিৰ প্ৰাক্তন সদস্য চি কে দাস, ইউএছটিএমৰ উপাচাৰ্য মহবুবুল হক, ডঃ বলেন্দ্ৰ দাসকে প্ৰমুখ্য কৰি বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থাকে।
ইউইছটিএমত ইউপিএছচি প্ৰশিক্ষাৰ্থীৰ উপযোগীকৈ বিশেষ পাঠ্যক্ৰম মুকলি

ABOUT THE AUTHOR

...view details