গুৱাহাটী, 4 জুন : কৰ'ণাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাত পুনৰ কেতবোৰ নতুনত্ব অনা হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অব্যাহত থকা নীতি-নিৰ্দেশনাত কিছু শিথিলতা অনা হৈছে । শুকুৰবাৰে জাৰি কৰা নতুন নীতি নিৰ্দেশনা ৬ জুনৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ'ব । সেই অনুসৰি দুপৰীয়া ১২ বজাত বন্ধ কৰিব লাগিব সকলো দোকান-পোহাৰ । পূৰ্বতে এই সময়সীমা আছিল পুৱা ১১ বজা ।
ৰাজ্য চৰকাৰে সাল-সলনি কৰিলে ক’ভিডৰ নীতি নিৰ্দেশনা - আন্তঃজিলা
পূৰ্বতকৈ কিছু শিথিল কৰা হৈছে ৰাজ্যত চলি থকা ক’ভিড সংক্ৰান্তীয় চৰকাৰী নীতি-নিৰ্দেশনা ৷ নতুন নীতি নিৰ্দেশনা ৬ জুনৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ'ব ।
ৰাজ্য চৰকাৰে সাল-সলনি কৰিলে ক’ভিডৰ নীতি নিৰ্দেশনা
ইফালে পূৰ্বৰ ১২ বজাৰ পৰিবৰ্তে ১ বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন । এতিয়াৰে পৰা দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন । আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত পূৰ্বৰ দৰে নিষেধাজ্ঞা বাহাল থাকিব । বাকী ক্ষেত্রতো পূৰ্বৰ নিৰ্দেশনাই প্ৰযোজ্য থাকিব । ৬ জুনৰ পৰা ১৬ জুনলৈ জাৰি কৰা হৈছে এই নতুন নীতি নিৰ্দেশনা ।