গুৱাহাটী, 2 আগষ্ট :ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে সোমবাৰে সন্ধিয়া পৰৱৰ্তী দুসপ্তাহৰ বাবে পুনৰ জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা (SOP) । সেই অনুসৰি কাইলৈ অৰ্থাৎ মঙলবাৰৰ পুৱা 5 বজাৰ পৰা এই নতুন SOP কাৰ্যকৰী হ’ব । নতুন নীতি-নিৰ্দেশনা অনুসৰি লখিমপুৰ আৰু গোলাঘাট জিলাত পুনৰ দুসপ্তাহৰ বাবে দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলৱৎ থাকিব ।
এই দুখন জিলাক বাদ দি বাকী সকলো জিলাতে সান্ধ্য আইন সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব । গোলাঘাট আৰু লখিমপুৰ জিলাত দোকান-পোহাৰ, কাৰ্যালয় আদি দিনৰ 1 বজালৈ খোলা ৰাখিব পাৰিব । ইয়াৰ বিপৰীতে বাকী সকলো জিলাতে বিয়লি 4 বজালৈকে খোলা ৰাখিব পাৰিব দোকান-পোহাৰ, কাৰ্যালয় আদি ।