গুৱাহাটী, 19 জুলাই :ৰাজ্য চৰকাৰে আজি অৰ্থাৎ সোমবাৰে ঘোষণা কৰিছে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা (SOP) । কাইলৈ অৰ্থাৎ মঙলবাৰৰ পুৱা ৫ বজাৰ পৰা ৰাজ্যজুৰি এই নতুন নীতি-নিৰ্দেশনা বলৱৎ হ’ব । সেই অনুসৰি পূৰ্বৰ দৰে পুনৰ আগন্তুক এটা সপ্তাহৰ বাবে পাঁচখন জিলাক সম্পূৰ্ণ কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ।
পুনৰ এসপ্তাহলৈ জাৰি নতুন SOP সম্পূৰ্ণ কন্টেইনমেন্ট জ’ন ঘোষণা কৰা পাঁচখন জিলা হৈছে গোলাঘাট, যোৰহাট, বিশ্বনাথ, শোণিতপুৰ আৰু লখিমপুৰ । ইয়াৰ উপৰিও ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁও জিলাৰ ওপৰত চোকা নজৰ ৰাখিবলৈ সংশ্লিষ্ট জিলা কেইখনৰ উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ।
আনহাতে, মৰিগাঁও আৰু গোৱালপাৰা জিলাত দিনৰ ১২ বজালৈকেহে দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ প্ৰশাসনে ৷
লগতে দিনৰ ১ বজাৰ পৰা দুয়োখন জিলাতে সান্ধ্য আইন বলৱৎ হ’ব । ইপিনে কামৰূপ (ম)কে ধৰি ২৭ খন জিলাত বিয়লি ৪ বজালৈকে খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দোকান-পোহাৰ । সন্ধিয়া ৫ বজাৰ পৰা এই জিলা কেইখনত বলৱৎ হব সান্ধ্য আইন ।
পুনৰ এসপ্তাহলৈ জাৰি নতুন SOP মছজিদত ঈদৰ নামাজত পাঁচজনতকৈ অধিক লোকে ভাগ ল’ব নোৱাৰিব । মৃতকৰ শেষকৃত্য অনুষ্ঠান, বিবাহ আদিত উপস্থিত থাকিব পাৰিব সৰ্বাধিক ১০ জন লোক । উত্তৰ পূৱৰ যিকোনো ৰাজ্য কিম্বা দেশৰ যিকোনো প্ৰান্তৰ পৰা অসমলৈ অহা সকলো লোকৰে ক'ভিড পৰীক্ষা ৰে’ল ষ্টেচন আৰু বিমান বন্দৰত পুনৰ বাধ্যতামূলক কৰা হৈছে । আজি জাৰি কৰা নতুন এছ অ’ পি (SOP) অনুসৰি আগন্তুক এটা সপ্তাহৰ বাবেও আন্তঃজিলা যাতায়ত বন্ধ থাকিব ।
লগতে পঢ়ক:ৰাজ্যৰ কৃষক সকলৰ বাবে মন্ত্ৰী ৰণজিৎ দাসে আনিলে সুখবৰ