অসম

assam

ETV Bharat / state

ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: জাৰি হ'ব চৰকাৰী নতুন নিৰ্দেশনা - বলৱৎ

বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ হ’ব । ইয়াৰ পূৰ্বে নিশা ৮ বজাৰ পৰাহে নৈশ সান্ধ্য আইন বলৱৎ হৈ আছিল । আনহাতে নতুন নিৰ্দেশনা অনুসৰি কোনো লোকে সন্ধিয়া ৬ বজাৰ পিছৰ পৰা ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব । ইফালে বিয়লি ২ বজাৰ পৰা দোকান-পোহাৰৰ লগতে শ্বপিংমল আদিকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব ।

new sop for covid-19
ক'ভিডৰ ভয়াৱহ সংক্ৰমণ : জাৰি হ'ব চৰকাৰী নতুন নিৰ্দেশনা

By

Published : May 4, 2021, 5:31 PM IST

গুৱাহাটী,4 মে':সমগ্ৰ দেশৰ লগতে অসমতো অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পাইছে ক'ভিড-19 ৰ সংক্ৰমণ । ইতিমধ্যে ৰাজ্যত ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন বলৱৎ থকাৰ সমান্তৰালভাৱে সন্ধিয়া 8 বজাৰ পৰা শ্ব'পিং মল, দোকান-পোহাৰ, বজাৰ আদিকে ধৰি সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ আছে । তৎসত্বেও ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নতুন ক'ভিড নীতি-নিৰ্দেশনা জাৰি কৰিবলৈ ৰাজ্য প্ৰশাসন তৎপৰ হৈছে । লাহে লাহে লক ডাউনৰ দিশে গতি কৰিছে অসমে । পৰিস্থিতি উন্নত নহলে লক ডাউন দিয়াটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

প্ৰাপ্ত খবৰ মতে প্ৰশাসনে জাৰি কৰিবলগীয়া নতুন ক'ভিড নীতি-নিৰ্দেশনা অনুসৰি বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ হ’ব । ইয়াৰ পূৰ্বে নিশা ৮ বজাৰ পৰাহে নৈশ সান্ধ্য আইন বলৱৎ হৈ আছিল । আনহাতে নতুন নিৰ্দেশনা অনুসৰি কোনো লোকে সন্ধিয়া ৬ বজাৰ পিছৰ পৰা ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব । ইফালে বিয়লি ২ বজাৰ পৰা দোকান-পোহাৰৰ লগতে শ্বপিংমল আদিকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব । ইয়াৰ পূৰ্বে সন্ধিয়া ৬ বজাত সমগ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰা হৈছিল । আনহাতে সাধাৰণ কাম-কাজত ঘৰৰ বাহিৰলৈ যোৱা লোকসকলে ২ বজাৰ আগতে ঘৰলৈ ওভতি আহিব লাগিব । অৱশ্যে অত্যাৱশকীয় বা জৰুৰী কাম আৰু কাৰ্যালয় কৰ্মচাৰীসকল সন্ধিয়া ৬ বজালৈকে ঘৰৰ বাহিৰত থাকিব পাৰিব । অৱশ্যে এই ক্ষেত্ৰত পৰিচয় বা অনুমতি পত্ৰ প্ৰদৰ্শন কৰাতো বাধ্যতামূলক হ’ব ।

সেইদৰে বিবাহৰ ক্ষেত্ৰত ২০ জনৰ বেছি লোক সমবেত হ'ব নোৱাৰিব । আনহাতে জৰুৰী সেৱাত নিয়োজিত লোকৰ বাবে পূৰ্বৰ দৰেই নীতিসমূহে বলৱৎ হৈ থাকিব । জানিব পৰা মতে এতিয়াৰ পৰা আৰক্ষী প্ৰশাসন আৰু অধিক কঠোৰ হ’ব । ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি ক'ভিড প্ৰটক’ল উলংঘা কৰা লোকসকলক শাস্তি প্ৰদান কৰা হ’ব । ইতিমধ্যে নতুন নীতি-নিৰ্দেশনা প্ৰস্তুতৰ বাবে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ আমোলাসকল মিলিত হৈছে । এই বৈঠকতে ৰাজ্য প্ৰশাসনে নতুন ক'ভিড নীতি নিৰ্দেশনাসমূহ প্ৰস্তুত কৰি জাৰি কৰিব বুলি জানিব পৰা গৈছে ।

খবৰ মতে বুধবাৰৰ পৰা নতুন ক'ভিড নীতি নিৰ্দেশনা বলৱৎ কৰা হ’ব আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিব । উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যত ৪,৪৮৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰে ১,৬৪৫ গৰাকী লোক কেৱল গুৱাহাটী মহানগৰীৰ । আনহাতে বিগত ২৪ ঘণ্টাত ২৯ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

লগতে পঢ়ক :অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

ABOUT THE AUTHOR

...view details