অসম

assam

By

Published : Aug 15, 2023, 6:58 PM IST

ETV Bharat / state

Asipring- A Hope to Shine: মুক্তি পালে আকৌ এখন চুটি ছবিয়ে

এজন ব্যক্তিৰ নিজৰ মাজত চলা যুদ্ধৰ কাহিনীৰে এখন চুটি ছবি "Asipring- A Hope to Shine"। এগৰাকী অভিনেতাৰ জীৱন যুদ্ধৰ কাহিনীৰে নিৰ্মাণ কৰা চুটি ছবিখনে মঙলবাৰে মুক্তিলাভ কৰে ।

New short film released in Guwahati
মুক্তি পালে আকৌ এখন চুটি ছবিয়ে

মুক্তি পালে আকৌ এখন চুটি ছবিয়ে

গুৱাহাটী,১৫ আগষ্ট: আমি থিয় হৈ থকা মাটিকন, উশাহ আৰু তৃষ্ণা পুৰণ কৰা বায়ু আৰু পানীখিনি তাহানিয়েই পৰাধীনতাৰ মেৰপেচৰ পৰা মুকলি হ'ল যদিও আজিও কʼৰবাত কিন্তু আমাৰ সপোনবোৰ ,ভাৱৰ ভাষাবোৰ নিজৰ মাজত তথা সমাজৰ মাজতেই আৱদ্ধ হৈ তিল তিলকৈ ধূলি হৈ আছে । তাৰেই আলমত প্ৰস্তুত কৰা হ'ল এটি সৰু কাহিনী ।

সেই কাহিনীৰ পটভূমিতে ১৫ আগষ্টত অৰ্থাৎ মঙলবাৰে মুক্তি পালে নতুন অসমীয়া চুটি ছবি "Asipring-A Hope to Shine" । এগৰাকী অভিনেতাৰ জীৱন যুদ্ধৰ কাহিনীৰে নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা আৰু কাহিনী, অভিজিৎ চক্ৰৱৰ্তীৰ । সহঃপৰিচালনাৰ দায়িত্বত আছে লক্ষ্যজিৎ গুছৰীয়া ।

মুক্তি লাভ কৰা এই নতুন অসমীয়া চুটি ছবিখনত অভিনয় কৰিছে পলাশ মেছ, তন্ময় বৰগোঁহাই, শুভন জ্যোতি দুৱৰা, অভিজিৎ চক্ৰৱৰ্তী আৰু হিমাংশু গাৰ্গে । চুটি ছবিখন কাহিনীৰ মূল চৰিত্ৰৰ নাম 'সপোন'। এগৰাকী ব্যক্তি নিজৰ মাজত চলি থকা যুদ্ধখনক কাহিনী মূলবস্তু হিচাপে লৈ নিৰ্মান কৰা হৈছে ছবিখন ।

কাহিনীৰ মূল চৰিত্ৰ সপোনে এক সংগ্ৰামী জীৱন-যাত্ৰাক অনুসৰণ কৰে । মনৰ হাবিয়াস, ইচ্ছা-আকাংক্ষা আদি পূৰাবলৈ মানুহৰ মাজত থকা হেঁপাহবোৰ যেতিয়া ভাঙি যায়, তেতিয়া সেই ব্যক্তিজনৰ ভিতৰি ভিতৰি চলি যুদ্ধখন আৰু অধিক তীব্ৰতৰ হৈ উঠে । ঠিক তেনেদৰে ছবি খনৰ মূল চৰিত্ৰ সপোনেও নিজৰ আবেগক পুনৰ জগাই তোলাৰ বাবে এক মাৰ্মান্তিক অভিযান, অপ্ৰত্যাশিত প্ৰত্যাহ্বান আৰু পৰিৱৰ্তিত উদ্যোগৰ সন্মুখীন হোৱা ভিন্ন পৰিস্থিতি সমূহকেই মূল বিষয় বস্তু হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন ।

অসমৰ পটভূমিত নিৰ্মান কৰা এই নতুন অসমীয়া চুটি ছবিখনক লৈ আশাবাদী Asipring- A Hope to Shine"ৰ প্ৰতিগৰাকী কলা-কুশলীসকল । ১৩:৫৫ মিনিটৰ ছবিখন আজিৰেপৰা উপলব্ধ যাযাবৰ নামৰ YouTube চেনেলত । সকলোৰে ব্যস্ততাৰ মাজতে অকণমান সময় উলিয়াই ছবিখন উপভোগ কৰিবলৈ আহ্বান জনাইছে ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে । হয়তো চৰিত্ৰবোৰ‌ৰ মাজত আপুনি নিজক বিচাৰি পাব পাৰে ।

লগতে পঢ়ক:Assam japanese encephalitis update: মাজুলীত জাপানীজ এনকেফেলাইটিছত মেধাৱী ছাত্ৰৰ মৃত্যু

ABOUT THE AUTHOR

...view details