অসম

assam

ETV Bharat / state

এইবাৰ সাজু হওক নতুন কৰ দিবলৈ; মাধ্যম সেৱা সেতু এপ - অসম আৰক্ষী

বিহুৰ পৰা শোভাযাত্ৰালৈ সকলোতে আৰক্ষীক দিব লাগিব মাচুল ৷ ২০ গুণলৈ বৃদ্ধি ৰাজনৈতিক দলৰ ৰেলী, ৰাজনৈতিক সভা তথা নির্বাচনী প্ৰচাৰ সভাৰ অনুমতিৰ মাচুল ৷

New service charge through Sewa Setu in Assam
বিজেপি চৰকাৰৰ অচ্ছে দিন

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 10:28 AM IST

Updated : Nov 22, 2023, 2:56 PM IST

গুৱাহাটী, ২২ নৱেম্বৰ: প্ৰায় প্ৰতি মাহতে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ থকা ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ নতুন কৌশল । এতিয়া আৰম্ভ হ’ল বিহুৰ পৰা শোভাযাত্ৰালৈ সকলোতে আৰক্ষীক মাচুল আদায় দিয়াৰ পৰ্ব । সামাজিক জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰায় আটাইবোৰ পৰ্বতে সেৱা কৰৰ নামত উচ্চ হাৰত আদায় দিব লাগিব অসম চৰকাৰক ।

কি কি কৰ ভৰিব লাগিব জনসাধাৰণে

ইয়াৰ বাবে অসম আৰক্ষীয়ে সেৱা সেতু প'ৰ্টেলৰ জৰিয়তে বিভিন্ন সেৱাৰ নামত উচ্চ হাৰত মাচুল সংগ্ৰহ কৰিছে ৷ এই কাৰ্যত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ভীষণ সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন ।

কি কি কৰ ভৰিব লাগিব জনসাধাৰণে

শেহতীয়াকৈ পোহৰলৈ আহিছে সেৱা সেতু এপৰ জৰিয়তে নাগৰিকসকলে ৰাজ্যত অসম আৰক্ষী আৰু চৰকাৰক বিভিন্ন উপলক্ষ্যে দিবলগীয়া হৈছে উচ্চ হাৰত সেৱা কৰ । আনটো বাদেই অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহু উদযাপনৰ অনুমতি লোৱাৰ বাবদ ৩০০ টকা মাচুল সংগ্ৰহ কৰা হৈছে ইতিমধ্যে ।

কি কি কৰ ভৰিব লাগিব জনসাধাৰণে

উল্লেখ্য যে, যোৱা ১৫ নৱেম্বৰত ৰাজ্য চৰকাৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগুৱে এটা নির্দেশনা জাৰি কৰে ৷ এই নিৰ্দেশনা অনুসৰি অসম আৰক্ষী সেৱাসেতুৰ জৰিয়তে অনুষ্ঠানৰ অনুমতিৰ বাবদ নতুন মাচুল নির্ধাৰণ কৰিছে । ক’ত সংগ্ৰহ কৰা হোৱা নাই সেৱা কৰ ? কোন ক্ষেত্ৰত বৃদ্ধি কৰা হোৱা নাই কৰ ? জাতীয় উৎসৱ বিহু অনুষ্ঠানৰপৰা আৰম্ভ কৰি সাংস্কৃতিক শোভাযাত্রালৈকে সকলোতে সেৱা সেতু এপৰ যোগেদি অনুমতি দিয়াৰ নামত মাচুল সংগ্ৰহ কৰা হৈছে ৷

কি কি কৰ ভৰিব লাগিব জনসাধাৰণে

সাংস্কৃতিক কাৰ্যসূচী, সভা-সমিতি আৰু আলোচনা চক্ৰৰ অনুমতিৰ নামতো সেৱা সেতুৰ জৰিয়তে চৰকাৰে নিৰ্ধাৰণ কৰিছে ৩০০ টকাকৈ কৰ । মনকৰিবলগীয়া যে, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কোনো কোনো ক্ষেত্ৰত ২০ গুণ পৰ্যন্ত বৃদ্ধি কৰিছে সেৱাকৰ । ৰাজনৈতিক দলৰ সভা-সমিতি, শোভাযাত্ৰাৰ মাচুল উচ্চ হাৰত বৃদ্ধি কৰিছে । পূর্বে ৰাজনৈতিক দলৰ ৰেলী, ৰাজনৈতিক সভা তথা নির্বাচনী প্ৰচাৰ সভাৰ অনুমতিৰ বাবদ ১০০ টকা ন্যূনতম মাচুল আদায় দিব লাগিছিল ৷ এতিয়া এই ১০০ টকাৰ মাচুল বৃদ্ধি হ’ল ২০০০ টকালৈ ৷

পূর্বে বিভিন্ন সজাগতামূলক অনুষ্ঠানৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত ২০০ টকা মাচুল লৈ আছিল ৷ কিন্তু বর্তমান এই মাচুল ৫০০ টকালৈ বৃদ্ধি কৰা হৈছে । অৰ্থাৎ আপোনালোকে যদি এখন কবি সন্মিলন পাতে, স্বাস্থ্য বিষয়ক সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়, মাদক বিৰোধী নাইবা আন কিবা সজাগতামূলক সভা, বাটৰ নাট প্ৰদৰ্শন কৰিবলৈ আৰক্ষীৰ অনুমতি বিচাৰে তেতিয়াও আদায় দিব লাগিব কৰ । বাদ পৰা নাই ক্ৰীড়া ক্ষেত্ৰখনো ।

সমূহীয়া দৌৰ, মাৰাথন, বাইক ৰেলী, কাৰ ৰেলী, চাইকেল ৰেলী আৰু ক্রীড়ানুষ্ঠানৰ অনুমতিৰ বাবদো আদায় দিব লাগিব উচ্চ নিৰিখৰ কৰ । পূৰ্বে এই ক্ষেত্ৰত কৰ আছিল ৩০০ টকা ৷ এই ৩০০ টকাৰ কৰ বর্তমান বৃদ্ধি হৈছে ২০০০ টকালৈ ৷ কেৱল সেয়াই নহয় থিয়েটাৰ প্ৰদৰ্শনী, নিউ ইয়েৰ ইভেন্ট, প্রদর্শনী, বাণিজ্য মেলা, খাদ্য মেলা, এক্সপ' আদি ব্যৱসায়িক বাবদো পূৰ্বৰ ১০০০ টকা মাচুল ৫০০০ টকালৈ বৃদ্ধি ।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগুৱে জাৰি কৰা নিৰ্দেশনাটোৰ জৰিয়তে যিকোনো অনুষ্ঠান আয়োজনৰ কৰিবলৈ হ’লে আয়োজক তথা উদ্যোক্তাসকলে আগতীয়াকৈ আৰক্ষীৰ পৰা অনলাইনযোগে অনুমতি ল’বই লাগিব ৷ এনে অনুমতি লোৱাটো ইতিমধ্যে বাধ্যতামূলক কৰা হৈছে । সেৱা সেতুৰ জৰিয়তে অনুমতি নোলোৱাকৈ আয়োজন কৰা অনুষ্ঠানক বে-আইনী ঘোষণা কৰিব পাৰিব প্ৰশাসনে ৷ উদ্যোক্তাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্রহণ কৰাৰ ব্যৱস্থাও আছে । পূৰ্বেও এনে নীতি-নিৰ্দেশনা আছিল যদিও কেৱল ৰাজকোষ টনকিয়াল কৰাৰ উদ্দেশ্যৰেই যে চৰকাৰে নতুনকৈ এনেদৰে বৃহৎ হাৰত অনলাইনযোগে অনুমতিৰ নামত উচ্চ হাৰত কৰ আদায়ৰ ব্যৱস্থা কৰিছে সেয়া প্ৰতিফলিত হৈছে ।

অৱশ্য মন কৰিবলগীয়া যে বিহু তথা সাংস্কৃতিক অনুষ্ঠানৰ অনুমতিৰ নামত মাচুল আদায় ল'লেও পূজা, ধর্মীয় অনুষ্ঠান, ধর্মীয় শোভাযাত্রা আদিৰ অনুমতিৰ বাবদ মাচুল ৰেহাইৰ ব্যৱস্থা কৰিছে চৰকাৰে ।

কৰ সংগ্ৰহৰ এই নতুন ব্যৱস্থা পোহৰলৈ অহাৰ লগে লগে ৰাজ্যজুৰি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰ ৷ বিৰোধী ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমলৈকে সকলোতে মঙলবাৰৰ নিশাৰ পৰা এই বিষয় লৈ ৰাজ্য চৰকাৰক ব্যাপক সমালোচনা সাধাৰণ নাগৰিকৰ । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত ৰাজ্যখনৰ ঋণৰ পৰিমাণ গৈ প্ৰায় ডেৰ লাখ কোটি টকা স্পর্শ কৰিছে । ঋণৰ বোজাত কোঙা হৈ ৰাজ্য চৰকাৰখনে এইদৰে সকলোতে কৰ আৰোপ কৰিবলৈ বাধ্য হৈছে বুলি ভাবিবলৈ বাধ্য হৈছে সাধাৰণ ৰাইজ ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদী থাকিলে চীন-আমেৰিকাক চেৰ পেলাব ভাৰতে: ৰাজস্থানত হিমন্তবিশ্ব শৰ্মা

Last Updated : Nov 22, 2023, 2:56 PM IST

ABOUT THE AUTHOR

...view details