অসম

assam

ETV Bharat / state

আপোনাৰ গৃহ নিৰ্মাণৰ সপোন পূৰণ কৰিব চৰকাৰে - হিমন্ত বিশ্ব শৰ্মা

সৰ্বসাধাৰণৰ গৃহ নিৰ্মাণৰ সপোন পূৰণ কৰিবৰ বাবে প্ৰস্তুত কৰা এখন অভিলাসী আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ হিতাধিকাৰীয়ে ৰেহাই মূল্যত ৱেবছাইটযোগে ঋণ ল'ব পাৰিব গৃহ নিৰ্মাণৰ বাবে ৷ শিক্ষাৰ্থীসকলৰ বাবেও আৰম্ভ কৰে অভিনন্দন নামৰ আন এখন আঁচনি ৷

আপোনাৰ গৃহ নিৰ্মাণৰ সপোন পূৰণ কৰিব চৰকাৰে

By

Published : Sep 25, 2019, 9:58 AM IST

গুৱাহাটী, 25 ছেপ্টেম্বৰঃ দৰিদ্ৰসীমা ৰেখাৰ তলৰ লোকৰ পৰা মধ্য বিত্ত পৰিয়ালৰ লোকৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত এতিয়াৰ পৰা আৰু চিন্তা কৰিব নালাগে ৷ কিয়নো মঙলবাৰে সৰ্বসাধাৰণৰ সুবিধাৰ বাবে গুৱাহাটীৰ নেডফি হাউচত "আপোনাৰ আপোন ঘৰ" আৰু "অভিনন্দন" নামৰ এখন আঁচনিৰ মঙলবাৰে শুভাৰম্ভ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ২০ লাখ বা তাতকৈ কম আয়ৰ পৰিয়ালসমূহে ৰেহাই মূল্যত ঋণ ল'ব পাৰিব এই আঁচনিৰ জৰিয়তে ৷ গ্ৰাহকৰ সুবিধাৰ বাবে ইতিমধ্যে এটা ৱেব ছাইটো মুকলি কৰা হৈছে ৷ হিতাধিকাৰীয়ে বিত্ত বিভাগৰ ৱেবছাইটৰ জৰিয়তে লাভ কৰিব পাৰিব এই সুবিধা ৷ উল্লেখযোগ্য যে, ২০১৯ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰা এই আঁচনিখনৰ কাম-কাজ চলিব ২০২০ চনৰ ৩১ মাৰ্চলৈকে৷ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত সকলো কৰ্মচাৰীয়েই ঋণৰ সুবিধা পাব লগা এই আঁচনিখনৰ জৰিয়তে ঋণ ল'ব খোজা সকল হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা ৷ আয়ৰ প্ৰমাণ পত্ৰ অবিহনে হিতাধিকাৰীয়ে ঋণ ল'ব পাৰিব এই আঁচনিৰ জৰিয়তে ৷

নতুন আঁচনিৰ শুভাৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ

কি কি সুবিধা থাকিব এই আঁচনিত ?

হিতাধিকাৰীসকলে ৫ লাখৰ পৰা ১০ লাখ টকা ঋণ ললে ৰেহাই পাব ১ লাখ টকা । ১০ৰ পৰা ২০ লাখ টকালৈকে লৈকে ডেৰ লাখ টকা ৰেহাই, ২০-৩০ লাখত ২ লাখ টকা ৰেহাই পাব আৰু ৩০-৪০ লাখলৈকে ২.৫০ লাখ টকা ৰেহাই পাব হিতাধিকাৰীয়ে । ৪০ লাখ টকাৰ ওপৰত ঋণ ল'লেও পাব ২.৫০ লাখ টকা ৰেহাই । আপোন ঘৰৰ ঋণ লোৱাসকলে আপোনাৰ আপোন ঘৰৰ ঋণ ল'ব নোৱাৰিব । আঁচনিখনৰ পৰা সৰ্বসাধাৰণ উপকৃত হ'ব বুলি আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব খোজা শিক্ষাৰ্থীসকলৰ বাবে অভিনন্দন নামৰ আন এখন আঁচনিৰো শুভাৰম্ভ কৰে মন্ত্ৰীজনে ৷ এই আঁচনিখনৰ যোগে দৰিদ্ৰ সীমাৰেখাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে চৰকাৰী সাহায্য যুক্ত ঋণ ল'ব পাৰিব ৷

ABOUT THE AUTHOR

...view details