অসম

assam

By

Published : Oct 2, 2020, 5:10 PM IST

ETV Bharat / state

গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে আগবাঢ়িব ৰাইজৰ দল

কৃষক মুক্তি সংগ্ৰাম সমিতীৰ উদ্যোগত ৰাজ্যত জন্ম হ'ল এটা নতুন আঞ্চলিক ৰাজনৈতিক দল ৷ 'ৰাইজৰ দল' শীৰ্ষক নতুন দলটোত থাকিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বীৰ লাচিত সেনা,অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ,টাই আহোম ছাত্ৰ সন্থাৰ লগতে অসমৰ ৭০ টা দল সংগঠন ৷ কৃষক নেতা অখিল গগৈয়ে নেতৃত্ব দিব নতুন ৰাজনৈতিক দলৰ ৷ কা বাতিলৰ বাবে ঐক্যবদ্ধ যুজঁ দিয়াৰ সংকল্প ৰাইজৰ দলৰ ৷

গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে আগবাঢ়িব ৰাইজৰ দল
গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে আগবাঢ়িব ৰাইজৰ দল

গুৱাহাটী,2 অক্টোবৰ:সুদীৰ্ঘ ১১ বছৰীয়া সংগ্ৰামৰ অন্তত এক ঐতিহাসিক সিদ্ধান্তত উপনীত হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ এক সন্মিলিত ৰাজনৈতিক শক্তিৰ কামনাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জন্ম হ'ল এটা নতুন আঞ্চলিক দল ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিকল্প আঞ্চলিক ৰাজনৈতিক শক্তিৰ কথা ঘোষণা কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ নাম ৰাইজৰ দল ৷ নতুন ৰাজনৈতিক দলত থাকিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বীৰ লাচিত সেনা, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ,টাই আহোম ছাত্ৰ সন্থাৰ লগতে অসমৰ ৭০ টা দল সংগঠন ৷

মহানগৰীৰ হোটেল গেট ৱে’ত অনুষ্ঠিত কৰা ৰাজনৈতিক দল ঘোষণাৰ অনুষ্ঠানটোত কৃষক মুক্তিৰ নেতৃত্বৰ লগতে নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল সংযুক্ত আঞ্চলিক দলৰ সভাপতে অৰূপ বৰবৰা,চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, লাচিত সেনাৰ শৃংখল চলিহা আৰু আন সত্তৰ সংগঠনৰ নেতৃত্ববৃন্দ উপস্থিত থাকে ৷ নতুন ৰাজনৈতিক দলটোৰ আহ্বায়কসকলে জানিবলৈ দিয়া মতে ৰাইজৰ দল হ’ব ঐক্যবদ্ধ,আপোচবিহীন,প্ৰগতিশীল আৰু সুস্থ জাতীয়তাবাদী ৷ কৃষক নেতা অখিল গগৈয়ে নেতৃত্ব প্ৰদান কৰিবলগীয়া ৰাইজৰ দলৰ উপদেষ্টা হিচাপে আছে প্ৰবীণ বুদ্ধিজিৱী ডঃ হীৰেন গোহাঁই,ডঃ নগেন শইকীয়া,জাহ্নু বৰুৱা,উদায়দিত্য ভৰালী,পৃথ্বী ৰাজ ৰাভা,নাৰায়ণ শৰ্মা,ডঃ সীতানাথ লহকৰ,জে পি দাস,অৰুণ গগৈ,ঘনশ্যাম নাথৰ দৰে বহুকেইজন বিশিষ্ট ব্যক্তি ৷

আৰম্ভণিতে জাতিৰ পিতা মহাত্মা গান্ধী আৰু কা আন্দোলনত শ্বহীদ হোৱা পাঁচ গৰাকী শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰে কৃষক মুক্তিৰ নেতৃত্বত একগোট হোৱা সত্তৰ সংগঠনৰ নেতৃত্বই ৷ দলৰ নাম ঘোষণা কৰি ৰাইজৰ দলৰ উপদেষ্টা জাহ্নু বৰুৱাৰ মন্তব্য-“গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে আগবাঢ়িব 'ৰাইজৰ দল'৷ ব্যক্তি স্বাৰ্থ বাবে ৰাইজৰ দল নহয় ৷ দুগুণ আঞ্চলিকতা বাদ লুকাই আছে 'ৰাইজৰ দল' নামটোত ৷ কা বাতিলৰ বাবে ঐক্যবদ্ধ যুজঁ দিব এই দলে ৷”

উল্লেখ্য যে কৃষক মুক্তি সংগ্ৰাম সমিতি,৭০ সংগঠনৰ আৰু অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নতুনকৈ গঠন হোৱা প্ৰস্তাৱিত ৰাজনৈতিক দলটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আহ্বায়ক হিচাপে আছে ভাস্কো’ ডি শ‌ইকীয়া,সভাপতি কৃষক মুক্তি সংগ্ৰাম সমিতি,অনিল বড়ো,কাৰ্যকৰী সভাপতি কৃষক মুক্তি সংগ্ৰাম সমিতি,হুছেইন মহম্মদ ছাহজাহান,উপদেষ্টা কৃষক মুক্তি সংগ্ৰাম সমিতি।

লগতে পঢ়ক:ৰাজ্যত আৰু এটা নতুন ৰাজনৈতিক দল !

ABOUT THE AUTHOR

...view details