অসম

assam

ETV Bharat / state

ৰাজ্যত আত্মপ্ৰকাশ নৱতম ৰাজনৈতিক দলৰ - ৰাজ্যত আত্মপ্ৰকাশ নৱতম ৰাজনৈতিক দলৰ

New political party introduce in assam etv bharat news
অসম জাতীয় পৰিষদ

By

Published : Sep 14, 2020, 12:44 PM IST

Updated : Sep 14, 2020, 2:21 PM IST

12:33 September 14

অসম জাতীয় পৰিষদ নামেৰে পৰিচিত হ’ব এই দল

অসম জাতীয় পৰিষদ

গুৱাহাটী,14 ছেপ্তেম্বৰ:অৱশেষত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম লাভ কৰিলে এটা নতুন আঞ্চলিক ৰাজনৈতিক দলে । সোমবাৰে মহানগৰীৰ পাণবজাৰস্থিত হোটেল প্ৰাগ কণ্টিনেণ্টেলত সম্বোধন কৰা সংবাদমেলত দলটোৰ আহ্বায়কদ্বয় ক্ৰমে ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু ড৹ বসন্ত ডেকাই ঘোষণা কৰে দলটোৰ নাম । নৱতম ৰাজনৈতিক দলটোৰ নাম হৈছে অসম জাতীয় পৰিষদ । এই নতুন আঞ্চলিক দলটোৱে 'অসম প্ৰথম, সদায় আৰু চিৰদিন' মূলমন্ত্ৰ আগত ৰাখি পৰৱৰ্তী সময়ত কাম কৰি যাব । লগতে 'ঘৰে ঘৰে আমি' শীৰ্ষক শ্লোগানেৰে সাংগঠনিক কাম-কাজ আগবঢ়াই নিব বুলি সংবাদমেলত আহ্বায়কদ্বয়ে প্ৰকাশ কৰে ।

আছু-যুৱ ছাত্ৰ পৰিষদে গঠন কৰা পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনৰ ভিত্তিতেই এই নতুন আঞ্চলিক শক্তিৰ জন্ম হৈছে বুলিও মত স্পষ্ট কৰে আহ্বায়ক সমিতিয়ে । নতুন দলটোৰ দলীয় কাম-কাজ সোমবাৰৰ পৰা আৰম্ভ হোৱাৰ লগতে মঙলবাৰৰ পৰা আৰম্ভ হ’ব সদস্য ভৰ্তিকৰণ প্ৰক্ৰিয়া ৷ এই দলটোৰ সমন্বয়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাক । ইয়াৰোপৰি জোনাই, ধেমাজিৰ দায়িত্ব দিয়া হৈছে আছুৰ সদ্য পদত্যাগী নেতা চিত্ৰৰঞ্জন বসুমতাৰীক । ৰাজু ফুকনক গোলাঘাট, যোৰহাট আৰু বোকাখাতৰ দলীয় প্ৰাৰম্ভিক কাম-কাজ পৰিচালনাৰ দায়িত্ব দিয়া হৈছে । একেদৰে চুতীয়া জাতি সন্মিলনৰ সভাপতি হৰেন চুতীয়াক দিয়া হৈছে লক্ষীমপুৰৰ দায়িত্ব । বাকী কোনখন জিলাত কাক দায়িত্ব দিয়া আছে সেই সন্দৰ্ভত সোমবাৰে আবেলি তালিকা প্ৰকাশ কৰা হ’ব । দলটোৰ সকলো প্ৰক্ৰিয়া সম্পন্ন হ’ব 30 অক্টোবৰৰ ভিতৰত ৷

লগতে চাওকঃদাদৰ এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

Last Updated : Sep 14, 2020, 2:21 PM IST

ABOUT THE AUTHOR

...view details