অসম

assam

ETV Bharat / state

অসমত হ'ব অত্যাধুনিক ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয় - অসমত অত্যাধুনিক ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয়

ফাৰ্মাচিষ্টৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ কোনো সদিচ্ছা দেখা নাই বুলি আক্ষেপ All India Organisation of Chemists & Druggists ৰ ৰাষ্ট্ৰীয় সভাপতি জে কে সিণ্ডেৰ ৷ নতুন ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা ঘোষণা ৷

অসমত হ'ব অত্যাধুনিক ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয়

By

Published : Aug 22, 2019, 9:54 AM IST

গুৱাহাটী, 22 আগষ্টঃ বুধবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত Chemists & Druggists Association of Assamৰ এখন সভাত অসমত এখন বিশেষ ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে সংস্থাটোৰ নেতৃবৰ্গই ৷ All India Organisation of Chemists & Druggistsৰ ৰাষ্ট্ৰীয় সভাপতি জে কে সিণ্ডে,সাধাৰণ সম্পাদক ৰাজীৱ সিংঘালকে প্ৰমুখ্য কৰি সংস্থাটোৰ নেতৃবৰ্গৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰ সহস্ৰাধিক প্ৰতিনিধি উপস্থিত থকা এই সভাখনত ৰাষ্ট্ৰীয় সভাপতিজনে জনাই যে ফাৰ্মাচিষ্ট ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে স্থাপন হ'ব লগা এই মহাবিদ্যালয়খনৰ পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ৷ উল্লেখযোগ্য যে, সভাখনতে ফাৰ্মাচিষ্টৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ কোনো সদিচ্ছা দেখা নাই বুলি আক্ষেপো কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷

অসমত হ'ব অত্যাধুনিক ফাৰ্মাচিষ্ট প্ৰশিক্ষণ মহাবিদ্যালয়

ABOUT THE AUTHOR

...view details