গুৱাহাটী, 24 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ যুটীয়া সংবাদমেল ৷ ৰিপুণ বৰাই এই সংবাদমেলত উল্লেখ কৰে যে অমিত শ্বাহে উল্লেখ কৰা মতে নতুন NRC কংগ্ৰেছে কোনোপধ্যে মানি নলয় ৷ বৰ্তমান NRC খনে বাহাল ৰখাৰ বাবে কংগ্ৰেছ বদ্ধ পৰিকৰ ৷ অসমে সুদীৰ্ঘ 14 বছৰৰ অন্তত NRC লাভ কৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱা এই NRC ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ে গ্ৰহণ কৰিছে গতিকে পুনৰ ইয়াক নিৰ্মাণ কৰাৰ প্ৰশ্নই নুঠে ৷
লগতে তেওঁ কয় যে, NRC ৰ ভিত্তিবৰ্ষ 1951 চন কংগ্ৰেছে কেতিয়াও সমৰ্থন নকৰে ৷ NRCৰ পৰা বাদ পৰা 19 লাখ মানুহৰ অধিক সংখ্যকে ভাৰতীয় বুলি মন্তব্য কৰি তেওঁ কয় যে, ডিটেনচন কেম্পত ৰখা লোক সকলৰ মানৱ অধিকাৰ খৰ্ব হৈছে । আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানে যে, 1951 চন কেতিয়াও ভিত্তিবৰ্ষ হ’ব নোৱাৰে ৷ বিজেপিয়ে নতুন ইছ্যু কৰাৰ সৃষ্টি কৰিছে ৷ দেশৰ অৰ্থনীতিৰ মন্দাঅৱস্থা আৰু দেশৰ অন্যান্য বিষয় সমূহ ঢাকি ৰখাৰ বাবে নতুন ইছ্যুৰ সৃষ্টি কৰা হৈছে ৷