গুৱাহাটী, 5 ফেব্ৰুৱাৰীঃ এতিয়া মহানগৰীৰ চিটি বাছসমূহে যতে ততে উঠাব নোৱাৰিব যাত্ৰী ৷ নিৰ্দিষ্ট ঠাইত আৰু নিৰ্দিষ্ট আৱেষ্টনীৰ ভিতৰত থাকি উঠাব লাগিব যাত্ৰী । লগতে ঠেক পথৰ দাঁতিত ব্যক্তিগত গাড়ীসমূহ থ'বলৈ থকা পাৰ্কিং সমূহক উঠাবলৈ নিৰ্দেশ জাৰি কৰিছে ন্যায়ালয়ে ৷ জালুকবাৰী, মহাত্মা গান্ধী ৰ'ড আৰু জি এছ ৰ'ডত নিৰ্দিষ্ট কিছুমান আৱেষ্টনী চিনাক্তকৰণ কৰি যানবাহন নিয়ন্ত্ৰণৰ বাবে ঠাই বাচনি কৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ ।
মহানগৰীত চলন্ত বাছৰ দৰ্জা বন্ধ কৰি চলাব লাগিব চিটি বাছ! - new motor vehicles
মহানগৰীৰ যানজঁটৰ পৰা অতিষ্ঠ হৈছে সাধাৰণ জনতা । যানবাহন আইন সৰ্বসাধাৰণ লোকে মানি নচলাৰ ফলত মহানগৰীত সততে সৃষ্টি হয় যানজঁটৰ । এই যানজঁটৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্য ন্যায়ালয়ে জাৰি কৰিছে কিছুমান নীতি-নিয়ম ।
আনহাতে, সমগ্ৰ যান বাহন তথা বাছ নিয়ন্ত্ৰণ আইনৰ দায়িত্ব অৰ্পন কৰা হৈছে আৰক্ষী বিষয়া নিলোৎপল গগৈক । যানবাহন আইন সকলো বিভাগে সূচাৰুৰূপে কাৰ্যকৰী কৰাৰ সন্দৰ্ভত সকলো দিশ তদাৰক কৰাৰ দায়িত্ব থাকিব তেওঁৰ হাতত ৷ লগতে ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰে যে, যাত্ৰী সুৰক্ষাৰ বাবে বন্ধ থাকিব লাগিব বাছসমূহৰ দৰ্জা কাৰণ চলন্ত বাছ সমূহে বন্ধ নকৰে মহানগৰীৰ চিটি বাছ সমূহৰ দৰ্জা । কিন্তু এতিয়াৰে পৰা চলন্ত বাছৰ দৰ্জা যাত্ৰী সুৰক্ষাৰ বাবে বন্ধ নাথাকিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব চিটি বাছ সমূহ ।
এতিয়া প্ৰশ্ন হয় মহানগৰীৰ যান বাহন নিয়ন্ত্ৰণৰ বাবে প্ৰতি বছৰে দিয়া হয় বহু নিয়ম ৷ কিন্তু সম্পূৰ্ণৰূপে ফলপ্ৰসূ হৈ নুঠে এই নিয়ম সমূহ । চিটি বাছ সমূহক নাকী লগাব পৰাকৈ কঠোৰ হোৱা নাই নেকি যান বাহন আইন? এতিয়া লক্ষণীয় হ'ব এই নতুন নিয়ম নীতি কিদৰে কাৰ্য্যকৰী হয় মহানগৰীত।