অসম

assam

ETV Bharat / state

দিছপুৰৰ নিউ মিনিষ্টাৰ ক'লনীত কিয় পৰিছে হাতুৰীৰ কোব ? - মন্ত্রীৰ আৱাসগৃহ

নিউ মিনিষ্টাৰ ক'লনীৰ (MINISTER COLONY) ভৱনসমূহৰ বিভিন্ন কামৰ বাবে ২১ টা শিতানত লোক নিৰ্মাণ বিভাগে ব্যয় ধাৰ্য কৰিছে প্ৰায় তিনি কোটি টকা । বহু শিতানত কামৰ সবিশেষ বৰ্ণনা নথকা স্বত্বেও যথেষ্ট বাজেট ধাৰ্য কৰা হৈছে । প্ৰশ্ন উত্থাপন হৈছে যে ৰাজ্যখনৰ বৰ্ত্তমানৰ এই সংকটজনক পৰিস্থিতিত মন্ত্রীৰ আৱাসগৃহৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এনেদৰে ৰাজকোষৰ ধন ব্যয় কৰাৰ যুক্তিযুক্ততা কিমান ?

minister_colony
দিছপুৰৰ নিউ মিনিষ্টাৰ ক'লনীত কিয় পৰিছে হাতোৰীৰ কোব

By

Published : Jul 15, 2021, 8:21 PM IST

গুৱাহাটী,১৫ জুলাই : দিছপুৰৰ বিলাসী নিউ মিনিষ্টাৰ ক'লনীত (MINISTER COLONY) চলিছে যুদ্ধকালীন তৎপৰতা । নিজৰ ভৱনক কিমান বেছি আকৰ্ষণীয় কৰিব পাৰি তাৰেই যেন প্ৰতিযোগিতা চলিছে । প্ৰায় প্ৰতিটো আটকধুনীয়া ভৱনত পৰিছে হাতুৰীৰ কোব । কোটি কোটি টকা ব্যয় সাপেক্ষ্যে নিৰ্মাণ কৰা ভৱন সমূহত কিয় পৰিছে হাতোৰীৰ কোব । নিশ্চয় সকলোৰে এই কথা জনাৰ ইচ্ছা হৈছে । কিছু বছৰ পূৰ্বে নিৰ্মাণ কৰা এই ভৱন সমূহত কিয় পুনৰ মেৰামতি নাইবা নতুন ৰূপ দিয়াৰ প্ৰয়োজন হৈছে ।

লক্ষণীয় বিষয় যে, দিছপুৰত মন্ত্রীসকলৰ (MINISTER) বাবে নতুনকৈ ৩.৬ কোটি টকা ব্যয় সাপেক্ষ্যে নিৰ্মাণ কৰা হৈছিল একো একোটা ভৱন । পূৰ্বৰ সৰ্বানন্দ সোণোৱাল (sarbananda sonowal)চৰকাৰৰ দিনত মন্ত্রীসকলে বাস কৰা এই নতুন বিলাসী ভৱন সমূহত নতুনকৈ মন্ত্রীত্ব লাভ কৰা সকলৰ প্ৰৱেশ ঘটিব । যাৰবাবে এতিয়া প্ৰায় সকলো মন্ত্রীয়ে নিজৰ এই চৰকাৰী ভৱন সমূহ নতুন ৰূপ দিব বিচাৰিছে । বহুতে বাস্তুশাস্ত্র অনুসৰি ভৱনৰ ৰেহ-ৰূপ সলনি কৰিছে । যাৰবাবে যুদ্ধকালীনভাৱে চলিছে এই নিৰ্মাণ কাৰ্য ।

দিছপুৰৰ নিউ মিনিষ্টাৰ ক'লনীত কিয় পৰিছে হাতোৰীৰ কোব

ইয়াৰ বাবে ব্যয় কৰা হৈছে কোটি কোটি টকা । এইখিনিতে প্ৰশ্ন হয় যে, ৰাজ্যখনৰ বৰ্তমানৰ এই সংকটজনক পৰিস্থিতিত মন্ত্রীৰ আৱাসগৃহৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এনেদৰে ৰাজকোষৰ ধন ব্যয় কৰাৰ যুক্তিযুক্ততা কিমান ? ক'ভিড পৰিস্থিতিৰ (COVID-19 SITUATIONS) বাবে ৰাজ্যৰ অৰ্থনীতি ক্ৰমাৎ নিম্নগামী হোৱাৰ উপৰি ৰাজ্যৰ লাখ লাখ লোকে দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । কৰ্মহীন হৈ পৰিছে বহু লোক । ঋণগ্ৰস্ত হৈ দিশাহাৰা হৈ পৰা বহু লোকে আত্মহত্যাৰ দৰে চৰম পথ বাচি লৈছে তথা বহুতে নিজৰ অংগ বিক্ৰী কৰিব লগীয়া হৈছে । অতি সংকটজনক পৰিস্থিতিৰ মাজত আছে ৰাজ্যবাসী ।

এই সংকটৰ সময়ত আৰ্তজনক সহায় কৰাৰ বিপৰীতে চৰকাৰে মন্ত্রীসকলৰ বৈভৱ-বিলাসৰ বাবে এনেদৰে পুঁজি ব্যয় কৰাৰ লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলিয়াবৰৰ সাংসদ তথা কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে (GOURAV GOGOI)। বৰ্তমান পৰিস্থিতিত এই নিৰ্মাণকাৰ্যৰ প্ৰযোজনীয়তাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে । আমি লাভ কৰা তথ্য মতে নিউ মিনিষ্টাৰ ক'লনীৰ (MINSTER COLONY) ভৱনসমূহৰ বিভিন্ন কামৰ বাবে ২১ টা শিতানত লোক নিৰ্মাণ বিভাগে ব্যয় ধাৰ্য কৰিছে প্ৰায় তিনি কোটি টকা । বহু শিতানত কামৰ সবিশেষ বৰ্ণনা নথকা স্বত্বেও যথেষ্ট বাজেট ধাৰ্য কৰা হৈছে ।

দিছপুৰৰ নিউ মিনিষ্টাৰ ক'লনীত কিয় পৰিছে হাতোৰীৰ কোব

কোৱাটাৰ এম-২ ৰ ৰিন'ভেচন আৰু মডিফিকেচনৰ নামত পৃথকে পৃথকে প্ৰায় ৩ লাখ আৰু প্ৰায় ৩৫ লাখ ধাৰ্য কৰা হৈছে । সেইদৰে কোৱাটাৰ এম-১৪ ৰ মেৰামতি, ৰিন'ভেচন আৰু মডিফিকেচনৰ নামত প্ৰায় ২০ লাখ টকা ধাৰ্য কৰা হৈছে । কোৱাটাৰ এম-৪ ৰ আভ্যন্তৰিন কাম আৰু ৰং আদিৰ বাবদ প্ৰায় ১৯ লাখ টকা ধাৰ্য কৰা হৈছে । আনহাতে কোৱাটাৰ এম-১৫ ৰ পাৰ্কিং শ্বেড, ৰাস্তা, লেণ্ডচকেপিং এণ্ড বাৰান্দা আদিৰ বাবে ব্যয় ধাৰ্য কৰা হৈছে ১৫ লাখ টকা ।

উল্লেখ যে, বহুকেইটা ভৱনৰ মূলতঃ সৌন্দৰ্য বৰ্ধনৰ বাবে এনেদৰে বিভিন্ন কামৰ শিতানত লাখ লাখ টকা ব্যয় কৰা হৈছে । মন্ত্রীসকলৰ চৰকাৰী খৰচত বিলাসী ভৱনত বিলাসী জীৱন কটোৱাৰ অধিকাৰ আছে যদিও বৰ্তমানৰ পৰিস্থিতিয়ে এনেদৰে পুঁজি ব্যয় কৰাৰ অনুমতি দিয়ে নে নিদিয়ে সেয়া বিচাৰ্যৰ বিষয় ।


লগতে পঢ়কঃ লামডিং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট

ABOUT THE AUTHOR

...view details