গুৱাহাটী, 19 ফেব্ৰুৱাৰী:কে এল অ'ৰে চৰকাৰৰ শান্তি আলোচনা হোৱাৰ পূৰ্বেই পৃথক কমতাপুৰৰ দাবীৰে অসমত আকৌ ভূমিষ্ঠ হ’ল এটা নতুন সশস্ত্ৰ সংগঠন । নতুনকৈ জন্ম লাভ কৰা সংগঠনটোৰ নাম হৈছে গ্ৰেটাৰ কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ জি চি এল অ’(GCLO) ।
সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজদ্বীপ কোচ ওৰফে ৰঞ্জিত বৰ্মণে কোনো অজ্ঞাত স্থানৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক ভিডিঅ’ বার্তা ৷ য’ত কে এল অ'ৰে চৰকাৰৰ আলোচনা ফলপ্ৰসূ নহ’লে হাতত অস্ত্ৰ লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে (Greater Kamatapur Liberation Organization) ৷ ভিডিঅ’ বাৰ্তাৰ সৈতে আছিল বুজন পৰিমাণৰ মাৰণাস্ত্ৰৰ আলোকচিত্ৰ (GCLO formed demanding separate Kamatapur) ।
উল্লেখ্য যে, পৃথক কমতাপুৰৰ দাবীৰে সশস্ত্ৰ সংগ্ৰামৰ পণ গ্ৰহণ কৰা জীৱন সিংহৰ লগতে কেইবাজনো নেতাই দুটা দশকৰো অধিক কাল সংগ্ৰামৰ সৈতে জড়িত হৈ থাকি অৱশেষত শান্তি আলোচনাৰ বাবে মূলসুঁতিলৈ উভতি আহিছিল (KLO Chief Jibon Singha) । অৱশ্যে মূলসুঁতিলৈ উভতি আহিলেও জীৱন সিংহৰ সৈতে নাছিল আন শীর্ষ নেতা ৷ তদুপৰি তেওঁ লগত অনা নাছিল কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ । সকলো আছিল অৰণ্যৰ মাজতেই ।
তেনে এক পৰিস্থিতিৰ মাজতে এতিয়া পুনৰ এক নতুন সশস্ত্ৰ সংগঠনৰ উত্থানে নিশ্চয়কৈ এক অস্থিৰতাৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে (Militant group GCLO) । উল্লেখ্য যে, 17 জানুৱাৰীত কে এল অ'ৰ মুৰব্বী জীৱন সিংহসহ সংগঠনটোৰ 9 জনকৈ নেতা-সদস্যই ম্যানমাৰ এৰি ভাৰতত প্ৰৱেশ কৰিছিল । ভাৰতৰ মাটিত ভৰি থোৱাৰ পাচৰে পৰা জীৱন সিংহসহ নেতা-সদস্য সকলৰ খা-খবৰ নোহোৱা হৈছিল (Jibon Singha surrendered) ৷