গুৱাহাটী, ২ ছেপ্তেম্বৰ: অৱশেষত সলনি হ'ল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী । একাংশ অভিভাৱক মন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হোৱা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । যি উদ্দেশ্যৰে মন্ত্ৰীসকলক অভিভাৱক হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়া হৈছিল সেই উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছিল একাংশ মন্ত্ৰী ৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে দায়িত্ব সলনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । অৱশেষত প্ৰকাশ কৰা হ'ল অভিভাৱক মন্ত্ৰীৰ নতুন তালিকা (New list of guardian ministers announced) ।
সেই অনুসৰি মন্ত্ৰী অতুল বৰাক কামৰূপ মহানগৰ আৰু উত্তৰ লখিমপুৰৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে তেওঁৰ দায়িত্বত আছিল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা । আনহাতে মন্ত্ৰী ৰণজিত কুমাৰ দাসক বঙাইগাঁও, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে বঙাইগাঁও, ধুবুৰী আৰু বৰপেটা জিলা তেওঁৰ দায়িত্বত আছিল । দুখন জিলা সলনি কৰা হয় । সেইদৰে মন্ত্ৰী পীযুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ আৰু কৰিমগঞ্জ জিলাৰ দায়িত্ব দিয়া হয় ।
পূৰ্বে তেওঁৰ দায়িত্বত আছিল শোণিতপুৰ, বিশ্বনাথ আৰু নগাওঁ জিলা। মন্ত্রী কেশৱ মহন্তক মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ দায়িত্ব দিয়া হয় । ইয়াৰ আগতে তেওঁ গোলাঘাট আৰু মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী আছিল যদিও নতুনকৈ আৰু এখন জিলাৰ দায়িত্ব দিয়া হয় । মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নগাঁও আৰু হোজাই জিলাৰ দায়িত্ব দিয়া হয় । পূৰ্বে তেওঁ হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই জিলাৰ দায়িত্বত আছিল । তেওঁক নতুনকৈ নগাঁও জিলাৰ দায়িত্ব দিয়াৰ বিপৰীতে পূৰ্বৰ জিলা দুখনৰ পৰা আঁতৰ কৰা হয় ।
সেইদৰে মন্ত্ৰী অজন্তা নেওগক যোৰহাট আৰু নলবাৰীৰ দায়িত্ব দিয়া হয় । ইয়াৰ আগতে তেওঁ নলবাৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাৰ দায়িত্বত আছিল । মন্ত্ৰী ডাঃ ৰণোজ পেগুক শিৱসাগৰ, মাজুলী আৰু বৰপেটাৰ দায়িত্ব দিয়া হয় । পূৰ্বে তেওঁ শিৱসাগৰ আৰু যোৰহাট জিলাৰ দায়িত্বত আছিল । মন্ত্ৰী অশোক সিংঘালক কোকৰাঝাৰ আৰু গোৱালপাৰাৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে তেওঁ কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ দায়িত্বত আছিল ।
সেইদৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ আৰু দৰং জিলাৰ দায়িত্ব দিয়া হয় । ইয়াৰ আগতে তেওঁৰ দায়িত্বত আছিল দৰং, কামৰূপ আৰু কামৰূপ মেট্ৰ' জিলা । কামৰূপ মহানগৰ জিলাৰ দায়িত্ব তেওঁৰ পৰা আঁতৰাই মন্ত্ৰী অতুল বৰাক দিয়া হয় । আনহাতে মন্ত্ৰী যোগেন মহনক কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্ব দিয়া হয় ।
পূৰ্বে তেওঁ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্বত আছিল । মন্ত্ৰী বিমল বড়াক চৰাইদেউ আৰু ওদালগুৰি জিলাৰ দায়িত্ব দিয়া হয় । ইয়াৰ আগতে তেওঁ মাজুলী, চৰাইদেউ আৰু বজালী জিলাৰ দায়িত্বত আছিল । মন্ত্ৰী ইউ জি ব্ৰক্ষ্মক চিৰাং আৰু তামুলপুৰ জিলাৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে তেওঁ বাক্সা আৰু চিৰাং জিলাৰ দায়িত্বত আছিল । মন্ত্ৰী সঞ্জয় কিষানক ধেমাজি জিলাৰ দায়িত্ব দিয়া হয় । পূৰ্বে সঞ্জয় কিষান ধেমাজি আৰু লখিমপুৰ জিলাৰ দায়িত্বত আছিল ।