অসম

assam

By

Published : Nov 17, 2020, 9:21 PM IST

ETV Bharat / state

মহানগৰীৰ ১৪ খন পূজাস্থলীত হ’ব ষট পূজা

ষট পূজা উপলক্ষে মহানগৰ জিলা প্ৰশাসনৰ নতুন নীতি নিৰ্দেশনা জাৰি ৷ ১৪ টাকৈ স্থানত সমাপন কৰিব লাগিব পূজা ৷ এটা পৰিয়ালৰ পাঁচজনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব পূজাস্থলীত ৷ নিশা দহ বজাৰ ভিতৰতেই সমাপ্ত কৰিব লাগিব পূজা ৷

মহানগৰীৰ ১৪খন পূজাস্থলীত হ’ব ষট পূজা
মহানগৰীৰ ১৪খন পূজাস্থলীত হ’ব ষট পূজা

গুৱাহাটী,17 নৱেম্বৰ: ষট পূজা উপলক্ষে মহানগৰ জিলা প্ৰশাসনৰ কেতবোৰ নতুন নীতি নিৰ্দেশনা ৷ মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুয়ে কয় যে ষট পূজা উপলক্ষে সকলোৱে মানিব লাগিব নিৰ্দেশনা ৷ ষট পূজাৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰিছে ১৪ টাকৈ স্থান ৷ নিৰ্ধাৰিত স্থানত একোটা পৰিয়ালৰ পাঁচজনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷ আয়োজক সমিতি সমূহেও আয়োজন কৰিব নোৱাৰিব কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান,দিব নোৱাৰিব কোনো ধৰণৰ ৰভা ৷

মহানগৰীৰ ১৪ খন পূজাস্থলীত হ’ব ষট পূজা

চাহৰ দোকান অথবা অন্যান্য কোনো ফাষ্টফুডৰ দোকান দিয়াৰ লগতে ফলমূলৰ দোকানৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানিহে পালন কৰিব লাগিব ষট পূজা ৷ দুইৰ পৰা তিনি মিটাৰ শাৰীৰিক ব্যৱধান বজাই ৰাখি কৰিব পাৰিব পূজা ৷ নিশা দহ বজাৰ ভিতৰতেই পূজা সমাপ্ত কৰাৰ নিৰ্দেশ মহানগৰ জিলা প্ৰশাসনৰ ৷

লগতে পঢ়ক:PLANNED CITY যোৰহাটৰ কদৰ্যময় পৰিৱেশ

ABOUT THE AUTHOR

...view details