অসম

assam

ETV Bharat / state

Assam State Zoo: অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল জয়, জয়া আৰু বিজয়া - Giraffes and zebras in State Zoo

চিৰিয়াখানালৈ আহিছে জেব্ৰা । বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা (Newcomer in Assam State Zoo) ।

Forest Minister Chandra Mohan Patowary
অসম ৰাজ্যিক চিৰিয়াখানা

By

Published : May 29, 2023, 10:02 PM IST

গুৱাহাটী, ২৯ মে':অসম ৰাজ্যিক চিৰিয়াখানাত সোমবাৰে আনুষ্ঠানিকভাৱে এটা জিৰাফ আৰু দুটা জেব্ৰা মুকলি কৰে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Forest Minister Chandra Mohan Patowary)। উল্লেখ্য যে, ৫ বছৰীয়া মাইকী জিৰাফটো বিহাৰৰ পাটনা চিৰিয়াখানাৰ পৰা অনা হৈছে । ইয়াৰ ফলত বৰ্তমান ৰাজ্যিক চিৰিয়াখানাখনত জিৰাফৰ সংখ্যা দুটালৈ বৃদ্ধি পালে । আনহাতে, কৰ্ণাটকৰ মহীশূৰৰ পৰা অনা মতা আৰু মাইকী জেব্ৰা দুটাৰ বয়স ক্ৰমে এবছৰ আৰু তিনি বছৰ (Giraffes and zebras in State Zoo)।

অসম ৰাজ্যিক চিৰিয়াখানা

ইয়াৰ পিচতেই পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নতুন আলহী প্ৰসংগত এয়া এক ইতিবাচক পদক্ষেপ বুলি কয় । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰায় ৩০ বছৰৰ মূৰত অসম ৰাজ্যিক চিৰিয়াখানালৈ নতুনকৈ জেব্ৰা অহাটো এক বিশেষ মুহুৰ্ত বুলি মন্তব্য কৰে । তেওঁ লগতে কয় যে চিৰিয়াখানা কৰ্তৃপক্ষই এই জন্তুবোৰৰ ভালদৰে যত্ন ল'ব পাৰিব । আগন্তুক দিনত জেব্ৰাৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

বনমন্ত্ৰী গৰাকীয়ে জেব্ৰা দুটাক জয় আৰু জয়া নামেৰে নামকৰণ কৰে (New zebra in State zoo)। তেওঁ কয় যে, একেদৰে চিৰিয়াখানাখনত ইতিমধ্যে থকা একমাত্ৰ মতা জিৰাফৰ লগতে নতুনকৈ অনা মাইকী জিৰাফটোৱে পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিব । ৰাজ্যিক চিৰিয়াখানাত জিৰাফৰ সংখ্যাও বৃদ্ধি পাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । তেওঁ জিৰাফকেইটাৰ নাম বিজয় আৰু বিজয়া বুলি উল্লেখ কৰে । বনমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, চিৰিয়াখানাখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ পুনৰ নিৰ্মাণৰ বাবে প্ৰাককলন প্ৰস্তুত কৰি থকা হৈছে ।

শেহতীয়াকৈ চিৰিয়াখানালৈ পৰ্যটকৰ আগমনো যথেষ্ট বৃদ্ধি পাইছে বুলি মন্তব্য় কৰি মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানালৈ অহা দৰ্শনাৰ্থী সকলৰ সুবিধা সমূহৰ উন্নয়নৰ লগতে জীৱ-জন্তু ৰখাৰ ব্যৱস্থা উন্নত কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে বুলি কয় । আজিৰ এই অনুষ্ঠানত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাডৱ অসম ৰাজ্যিক চিৰিয়াখানাৰ বিভাগীয় বন বিষয়া অশ্বিনী কুমাৰ প্ৰমুখ্যে অন্য বিষয় ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Allegations of bribery : শিৱসাগৰত সদ্যনিযুক্ত চাকৰি প্ৰাৰ্থীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ

ABOUT THE AUTHOR

...view details