বিপাঙত পৰিছে ৰাজ্যৰ গৃহ বিভাগ! - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী
জিলা ভিত্তিক তথ্যই নাই: নতুন ন্যায়াধীকৰণ স্থাপন কৰিবলৈ গৈ বিমোৰত ৰাজ্যৰ গৃহ বিভাগ ৷
গুৱাহাটী,13 চেপ্তেম্বৰঃৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত এতিয়া দুশখন নতুন বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবলৈ গৈ বিমোৰত পৰিছে ৰাজ্যৰ গৃহ বিভাগ । কিয়নো,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ১৯ লাখ ৬ হাজাৰ ৬৫৭ জন লোকৰ নাম বাদ পৰিল যদিও এইসকল লোকৰ জিলাভিত্তিক তালিকা এতিয়াও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই যোগান ধৰা নাই ৰাজ্যৰ গৃহ বিভাগক । ফলত কোনখন জিলাত কিমান সংখ্যক লোকৰ নাম বাদ পৰিল আৰু তেনে সংখ্যাৰ ফালৰ পৰা কোনখন জিলাত কিমানখন ন্যায়াধীকৰণৰ প্ৰয়োজন হ'ব সেই কথা এতিয়াও ঠাৱৰ কৰিব পৰা নাই গৃহ বিভাগে ৷