অসম

assam

ETV Bharat / state

সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একে হাৰত হ’ব মাচুলঃ শিক্ষা বিভাগৰ নিৰ্দেশ

বুধবাৰে ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশ । সেই অনুসৰি ২০২১-২২ বৰ্ষৰ বাবে সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবে সমহাৰত মাচুলৰ নিৰিখ বান্ধি দিছে চৰকাৰে । ফলত এই নিৰ্দেশ উলংঘা কৰি কোনো ব্যক্তিগত বিদ্যালয়ে নিজৰ খেয়াল খুচি মতে মাচুল আদায় ল’ব নোৱাৰিব ।

new fees structure notification assam goverment
সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একে হাৰত হ’ব মাচুলঃ শিক্ষা বিভাগৰ নিৰ্দেশ

By

Published : Oct 21, 2020, 6:22 PM IST

গুৱাহাটী, ২১ অক্টোবৰঃ ক'ৰণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় সমূহ বন্ধ ৰাখিবলগীয়া হোৱা আৰু অনলাইনৰ জড়িয়তে বিদ্যালয় সমূহে পাঠদান কৰি থকাৰ মাজতে ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠানকে ২৫ শতাংশ মাচুল ৰেহাই দিয়াৰ নিৰ্দেশ দিছিল । বৰ্তমানেও শিক্ষানুষ্ঠান সমূহে সেই হাৰতে মাচুল আদায় লৈ আহিছে ।

সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একে হাৰত হ’ব মাচুলঃ শিক্ষা বিভাগৰ নিৰ্দেশ

বুধবাৰে ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশ । সেই অনুসৰি ২০২১-২২ বৰ্ষৰ বাবে সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবে সমহাৰত মাচুলৰ নিৰিখ বান্ধি দিছে চৰকাৰে । ফলত এই নিৰ্দেশ উলংঘা কৰি কোনো ব্যক্তিগত বিদ্যালয়ে নিজৰ খেয়াল খুচি মতে মাচুল আদায় ল’ব নোৱাৰিব । প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে জাৰি কৰা এই নিৰ্দেশ অনুসৰি প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত সকলো ব্যক্তিগত বিদ্যালয়ৰ বাৰ্ষিক মাচুল হ’ব ২৭ হাজাৰ টকা । ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো বিদ্যালয়ে বাৰ্ষিক মাচুল আদায় লব পাৰিব ৩২ হাজাৰ টকা ।

একেদৰে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবেও মাচুল নিৰ্দিষ্ট কৰি দিয়া হৈছে । সেই অনুসৰি বিজ্ঞান শাখাৰ বাৰ্ষিক মাচুল হ’ব ৩৭ হাজাৰ টকা, কলা শাখাৰ বাৰ্ষিক মাচুল হ’ব ৩২ হাজাৰ টকা, বানিজ্য শাখাৰ বাৰ্ষিক মাচুল হ’ব ৩৩ হাজাৰ টকা আৰু অন্যান্য বিভাগৰ হ’ব ৩৫ হাজাৰ টকা । এই নতুন নিৰ্দেশনা কেৱল ২০২১-২২ বৰ্ষৰ বাবেহে । ২০২১-২২ বৰ্ষটোক অভিহিত কৰা হৈছে মহামাৰী বৰ্ষ হিচাপে ।

লগতে পঢ়কঃ আৰক্ষীৰ শ্বহীদ স্মৃতি দিৱসৰ দিনটোত CISF জোৱানৰ প্লাজমা দান

ABOUT THE AUTHOR

...view details