অসম

assam

ETV Bharat / state

বিজেপিৰ নতুন সমীকৰণ: প্ৰাৰ্থিত্বৰ বাবে সংখ্যালঘু নেতাৰ তালিকা সাজু - Congress

বিজেপিৰে শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এক নতুন খবৰ । সেই অনুসৰি সম্প্ৰতি বিজেপিতে থকা একাংশ সংখ্যালঘু নেতাৰ লগতে কংগ্ৰেছ আৰু এআইইউডিএফ-ত থকা একাংশ বিধায়ক আৰু প্ৰাক্তন বিধায়কক লৈ বিজেপিয়ে প্ৰস্তুত কৰিছে এখন তালিকা ।

New election rules for BJP guwahati assam etv bharat news
বিজেপিৰ নতুন সমীকৰণ

By

Published : Oct 24, 2020, 5:07 PM IST

Updated : Oct 24, 2020, 6:57 PM IST

গুৱাহাটী,24 অক্টোবৰ: কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ জোঁটবন্ধনক প্ৰতিহত কৰিবলৈ বিজেপিয়ে এইবাৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহক লৈ কি দৰে নতুন ৰণকৌশল প্ৰস্তুত কৰিছে সেই বিষয়ে ইতিমধ্যে ইটিভি ভাৰতে তথ্য সহকাৰে বাতৰি পৰিৱেশন কৰিছে । শেহতীয়াকৈ ইটিভি ভাৰতৰ হাতত আহি পৰিছে আৰু কেতবোৰ নতুন খবৰ । বিজেপিৰে শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই নতুন খবৰ । সেই অনুসৰি সম্প্ৰতি বিজেপিতে থকা একাংশ সংখ্যালঘু নেতাৰ লগতে কংগ্ৰেছ আৰু এআইইউডিএফ-ত থকা একাংশ বিধায়ক আৰু প্ৰাক্তন বিধায়কক লৈ বিজেপিয়ে প্ৰস্তুত কৰিছে এখন তালিকা ।

প্ৰাৰ্থিত্বৰ বাবে সংখ্যালঘু নেতাৰ তালিকা সাজু

সেই তালিকা অনুসৰি কমেও ছটা সংখ্যালঘু অধ্যুষিত সমষ্টিত এইসকল লোকক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ চিন্তা চৰ্চা কৰিছে । প্ৰয়োজন সাপেক্ষে কংগ্ৰেছ বা এআইইউডিএফ-ৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা নথকা একাংশ সংখ্যালঘু বিধায়ক বা প্ৰাক্তন বিধায়কক বিজেপিত যোগদান কৰোৱাই তেওঁলোকক দলীয় প্ৰাৰ্থিত্ব দিয়াৰো গুণা-গঁথা চলিছে । সেই অনুসৰি বৰ্তমানৰ বিজেপি নেতা মমিনুল আৱাল, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খান, এসময়ত অগপ, কংগ্ৰেছ কৰি সৌ সিদিনা বিজেপিত যোগ দিয়া ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হক, এআইইউডিএফ-ৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলম আদিক বিজেপিয়ে কেইবাটাও সংখ্যালঘু অধ্যুষিত সমষ্টিত টিকট দিয়াৰ পৰিকল্পনা কৰিছে ।

অৱশ্যে শ্বেখ শ্বাহ আলম আৰু মহিবুল হকে আহি থকা দিন কেইটাত বিজেপিত যোগ দিয়াটো প্ৰায় নিশ্চিত । তেনেদৰে নাওবৈচা সমষ্টি বৰ্তমান আছে এআইইউডিএফৰ দখলত । এই সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীকো বিজেপিলৈ আনি দলীয় প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে অংক কৰিছে গেৰুৱা দলটোৱে ৷

লগতে চাওকঃবিজেপি শাসন ওফৰাই গঠন কৰিব মিত্ৰজোঁটৰ চৰকাৰ: ৰকিবুল হুছেইন

Last Updated : Oct 24, 2020, 6:57 PM IST

ABOUT THE AUTHOR

...view details