অসম

assam

ETV Bharat / state

Development scheme for Guwahati: বাজেটত গুৱাহাটী উন্নয়নৰ কি কি নতুন প্ৰকল্পই স্থান পালে ? - Assam Budget 2023

কেইবাখনো উৰণীয়া সেঁতুকে ধৰি গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে বাজেটত কেইবাটাও প্ৰকল্প লোৱাৰ কথা কোৱা হৈছে (New scheme for Guwahati development)। পিছে খোৱাপানী যোগান সন্দৰ্ভত চৰকাৰৰ নাই নতুন পৰিকল্পনা । বহুকেইটা প্ৰকল্প আকৌ পূৰ্বৰ বাজেটতে উল্লেখ কৰা হৈছিল ।

Development scheme for Guwahati
বাজেটত গুৱাহাটী উন্নয়নৰ কি কি নতুন প্ৰকল্পই স্থান পালে

By

Published : Mar 18, 2023, 9:41 PM IST

গুৱাহাটী,১৮ মাৰ্চ :উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ ৰাজধানী চহৰ গুৱাহাটীৰ উন্নয়নৰ বাবে বাজেটত কেইবাটাও আঁচনি তথা প্রকল্প সামৰি লোৱা হৈছে (New development project for Guwahati)। কিন্তু ইয়াৰে একাংশ আঁচনি তথা প্ৰকল্প যোৱা বাজেটতে উল্লেখ কৰা হৈছিল । আকৌ এইবাৰৰ বাজেটত গুৱাহাটীৰ কেইবাটাও মৌলিক সমস্যা সমাধানৰ কোনো কথা উল্লেখ কৰা দেখা নগ'ল । বাজেটত গুৱাহাটীৰ খোৱাপানী যোগান প্ৰকল্পৰ বিষয়ে কোনো কথা উল্লেখ নাই ।

ইফালে গুৱাহাটীত বিজ্ঞানসন্মত জাৱৰ নিষ্কাশনৰ বিষয়ে কোনো উল্লেখ নাই । মন কৰিবলগীয়া যে গুৱাহাটীত এতিয়ালৈকে বিজ্ঞানসন্মতভাৱে জাৱৰ জমা কৰা আৱৰ্জনাস্থলী গঢ়ি নুঠিল । দীপৰ বিলৰ কাষত বেলৰ তলত গুৱাহাটী পৌৰ নিগমে এটা আৱৰ্জনাস্থলী গঢ়ি তুলিছে যদিও এইটো দীপৰ বিলৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ তুলি স্থানীয় ৰাইজে দীপৰ বিলৰ কাষত বেলৰ তলৰ পৌৰ নিগমৰ আৱৰ্জনাস্থলীটো স্থানান্তৰ কৰাৰ বাবে ধাৰাবাহিক আন্দোলন কৰি আহিছে ।

ইফালে বাজেটত গুৱাহাটীৰ নতুন মাষ্টাৰ প্লেনখন কাৰ্যকৰী কৰাৰ আৰু দীপৰ বিলৰ উন্নয়নৰ বাবে মাষ্টাৰ প্লেনখনৰ কোনো কথা উল্লেখ নাই (New master plan for Guwahati)। আনহাতে গুৱাহাটীৰ প্ৰদূষিত নদী আৰু জলাশয় সংৰক্ষণৰ কোনো কথা বাজেটত উল্লেখ নাই ।

মন কৰিবলগীয়া যে বাজেটত গুৱাহাটীৰ উন্নয়নৰ বাবে বিশেষকৈ উৰণীয়া সেতু নিৰ্মাণত চৰকাৰে যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে (Assam Budget 2023)। কিন্তু গুৱাহাটীৰ বিজ্ঞানসন্মত উন্নয়নৰ ক্ষেত্ৰত গুৱাহাটী মাষ্টাৰ প্লেন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ চৰম উদাসীনতা দেখা গৈছে ।

উল্লেখ্য যে ২০২৩-২৪ বৰ্ষৰ বাজেটত গুৱাহাটীৰ বাবে উল্লেখ কৰা প্রকল্পসমূহৰ ভিতৰত গুৱাহাটী ৰিং ৰোড, এলিভেটেড পথ, উৰণীয়া সেতু, স্পঞ্জ চিটী ধাৰণা, নেহৰু ষ্টেডিয়ামৰ উন্নয়ন, ৰবীন্দ্ৰ ভৱনৰ পুনৰ নির্মাণ, আৰক্ষী আয়ুক্তালয় ভৱন নিৰ্মাণ, আৰক্ষী ছাউনী চৌহদৰ উন্নয়ন, ৰাজহুৱা স্থানত চিচিটিভি, শংকৰদেৱ কলাক্ষেত্ৰ আৰু আই টি এ মাছখোৱাত পাঁচ হাজাৰ আসনযুক্ত প্রেক্ষাগৃহ আদিক অন্তর্ভুক্ত কৰা হৈছে ।

বাজেটত গুৱাহাটীত কেইবাখনো উৰণীয়া সেতু আৰু এলিভেটেড পথ নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে । এই তালিকাত আছে গোপীনাথ বৰদলৈ পথত চাৰিলেনযুক্ত এলিভেটেড পথ, গুৱাহাটী-গড়ভাঙা পথৰ চাইকেল ফেক্টৰী সংযোগী উৰণীয়া সেতু, আৰ কে চৌধুৰী পথৰ ফটাশিল চাৰিআলিত উৰণীয়া সেতু, এছ ৰোডৰ ডাউন-টাউন হাস্পতালৰ সমীপত আৰু ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু, কামাখ্যা মন্দিৰলৈ বিকল্প এলিভেটেড পথ, দীপৰ বিলৰ সমীপৰ হস্তীদণ্ডীৰ স্থানত হাতীৰ আহ-যাহৰ বাবে "আণ্ডাৰপাছ" আৰু শ্বহীদ স্মাৰক সংযোগী পথ আৰু কইনাধৰা পথৰ মাজত দীপৰ বিলৰ ওপৰেৰে এলিভেটেড পথ ।

তদুপৰি বৰ্তমানৰ নেহৰু ষ্টেডিয়ামখনক অধিক উন্নত কৰাৰ ব্যৱস্থা লোৱা হ'ব । গুৱাহাটীত বান সমস্যা লাঘৱ কৰিবলৈ চৰকাৰে 'স্পঞ্জ চিটী ধাৰণা' ব্যৱহাৰ কৰি বহুমুখী পদক্ষেপ গ্রহণ কৰা বুলি বাজেটত উল্লেখ কৰিছে । যোৱা বাজেটৰ লগত এইবাৰৰ বাজেটৰ তুলনা কৰিলে দেখা যায় যে ৰবীন্দ্ৰ ভৱনৰ পুনৰ র্নির্মাণ, আৰক্ষী আয়ুক্তালয় ভৱন নিৰ্মাণ, আৰক্ষী ছাউনী চৌহদৰ উন্নয়ন, ৰাজহুৱা স্থানত চিচিটিভি স্থাপন কৰা, কামাখ্যা মন্দিৰলৈ বিকল্প এলিভেটেড পথ নিৰ্মাণ কৰা প্ৰকল্পবোৰ যোৱা বাজেটত উল্লেখ কৰা বিষয় । যাৰ বাবে এই প্ৰকল্পৰ ক্ষেত্ৰত কোনো নতুনত্ব নাই ।

লগতে পঢ়ক :HSLC question paper leak: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details