অসম

assam

ETV Bharat / state

ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা জাৰি... - covid updates]

ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস পোৱা জিলাসমূহত সোমবাৰৰ পৰা ৪ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয় । আনহাতে সান্ধ্য আইন প্ৰযোজ্য হ'ব সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ ।

new covid sop in assam etv bharat assam
ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা জাৰি

By

Published : Jun 26, 2021, 10:33 PM IST

গুৱাহাটী, ২৬ জুন :স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে সংবাদমেলযোগে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনাৰ কথা সদৰী কৰাৰ পাচতে শনিবাৰে নতুন নীতি-নিৰ্দেশনাৰ সম্পৰ্কত প্ৰকাশ কৰা হয় চৰকাৰী জাননী । জাৰি কৰা জাননী অনুসৰি ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস পোৱা জিলাসমূহত সোমবাৰৰ পৰা ৪ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয় । সেই অনুসৰি, সান্ধ্য আইন প্ৰযোজ্য হ'ব সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ ।

কামৰূপ(ম), দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দিত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন প্ৰযোজ্য হ'ব । সেইদৰে এই জিলা কেইখনত ৪ বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ উপৰি হোটেল, ৰেষ্টুৰেণ্ট আদি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । আনহাতে, মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰাৰ লগতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাত প্ৰযোজ্য থাকিব সম্পূৰ্ণ লক ডাউন ৷

কেৱল অত্যাৱশ্যকীয় সামগ্ৰী, গাখীৰ, পানী, ঔষধ আদি বিপণীসমূহ সন্ধিয়া ৫ বজালৈ খোলা ৰাখিব পাৰিব ।

ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা জাৰি

তাৰ বাহিৰে সকলো বন্ধ থাকিব । সেইদৰে ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ(গ্ৰা), দৰং, শোণিতপুৰ, নগাঁও, হোজাই, গোলাঘাট, সৰুপথাৰ, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ অব্যাহত থাকিব সান্ধ্য আইন । তদুপৰি ১ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান । উল্লেখ্য যে, সোমবাৰ ২৮ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰবৰ্তী জাননী নিদিয়ালৈকে জাৰি কৰা হৈছে এই নতুন জাননী ৷

লগতে পঢ়ক: হঠাৎ পুনৰ কিয় খোল খালে লোকসেৱা কেলেংকাৰীৰ ফাইল

ABOUT THE AUTHOR

...view details