নিউজ ডেস্ক,5 মে’: দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ’ণাৰ দ্বিতীয় সংক্ৰমণ । এনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছিল এখন নতুন ক’ভিড নীতি ৷ এই নতুন ক’ভিড নীতি অনুসৰি সমগ্ৰ ৰাজ্যত বিয়লি ২ বজাত সমূহ দোকান-পোহাৰ বন্ধ কৰাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে ।
উল্লেখ্য যে, সমগ্ৰ দেশৰ লগতে ৰাজ্যতো প্ৰতিদিনে অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ । ক’ৰণাৰ দ্বিতীয় ঢৌৱে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত আতংকময় পৰিৱেশ সূচনাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য প্ৰশাসনে আজিৰে পৰা হোৱাকৈ বলৱৎ কৰিছে এই নতুন ক’ভিড নীতি । এই ক’ভিড নীতিত সন্নিৱিষ্ট কৰা হৈছে কেতবোৰ নতুন নিৰ্দেশনা ৷
নিৰ্দেশনা অনুসৰি সকলো বিপণী আৰু বাণিজ্যিক প্ৰতিষ্ঠান দুপৰীয়া 2 বজাত বন্ধ কৰিব লাগিব ৷ সকলো ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় দুপৰীয়া 2 বজাৰ পিছত বন্ধ কৰিব লাগিব ৷ এই নিৰ্দেশনাৰ পিছতেই ৰাজ্যত আজি দেখা গ’ল সকলোৱে 2 বজাৰ পূৰ্বেই বন্ধ কৰিলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি সকলো ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয়সমূহ ৷