গুৱাহাটী, ২৫ জুন : শুকুৰবাৰে ৪ বজাৰ পৰা ৫ বজালৈ মুখ্যমন্ত্ৰীৰ সভাপতিত্বত স্বাস্থ্য বিভাগৰ লগতে কেবাটাও বিভাগৰ সৈতে হোৱা বৈঠকত ক'ভিডৰ নতুন নীতি-নিৰ্দেশনা সন্দৰ্ভত এক আলোচনাত কৰা হয় । ৰাজ্যৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত আলোচনা কৰি ক'ভিডৰ কিছু নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে ৷ এই বৈঠকৰ পাচতে জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বােধন কৰি কয়, বিগত সাতদিনত অসমৰ সকলো অঞ্চলত পৰ্যবেক্ষণ কৰি ক'ভিড নিৰ্দেশনাৰ কিছু সাল সলনি কৰা হৈছে ৷
সোমবাৰৰ পৰা প্ৰযোজ্য হ'বলগীয়া এই নিৰ্দেশনা অনুসৰি ৪ খন জিলা ক্ৰমে বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা আৰু গোলাঘাট মহকুমাত সম্পূৰ্ণ ল'কডাউন দিয়া হ'ব । অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো দিশ বন্ধ থাকিব যদিও শাৰীৰিক দূৰত্ব প্ৰতি লক্ষ্য ৰাখি সন্ধিয়া ৫ বজালৈ গেলামালৰ দোকান খোলা থাকিব । শাক-পাচলিৰ বিপনীও খুলিব পাৰিব ৷
আনহাতে গুৱাহাটীৰ ক্ষেত্ৰত ৪ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন আৰু বিয়লি ৩ বজালৈ খোলা থাকিব দোকান-পোহাৰ । সমান্তৰালভাৱে হাইলাকান্দি জিলাত ৫ বজা আৰু বাকী জিলাসমূহত ১ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হ'ব । বৰ্তমানৰ দৰে কঠোৰ ব্যৱস্থাৰে বন্ধ থাকিব আন্তঃজিলা যাতায়াত ।