গুৱাহাটী,29মেঃ ৰাজ্যত ক'ৰণা ভাইৰাছ আক্রান্ত সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা সময়তে শুক্ৰবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন স্বতন্ত্ৰ ক'ৰণা চিকিৎসালয় শুভাৰম্ভণি কৰা হয় অসমত। উন্নত মানৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা বিশেষ ক'ৰণাৰ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ নতুন বিল্ডিংত। নৱ-নিৰ্মিত ক'ৰণা চিকিৎসালয় খনত সংলগ্ন কৰা হৈছে অতি বেঙুনীয়া ৰশ্মি । লক ডাউনৰ সময়তে কানাডা পৰা আনি বিশেষ প্ৰযুক্তি সমূহ চিকিৎসালয়খনত স্থাপন কৰা হৈছে। যাৰ জৰিয়তে ক'ৰণাৰ ভাইৰাছ সংক্ৰমন ৰোধ কৰিব পৰা যাব। এই কথা অৱগত কৰিলে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। চিকিৎসালয় খন উদ্বোধন কৰি তেওঁ লগতে কয় ক'ৰণা আক্রান্ত ৰোগী সকলক ইয়াতে চিকিৎসা কৰা হব। ৰাজ্য স্বাস্থ্য বিভাগৰ বাবে আজি গুৰুত্বপূৰ্ণ দিন ।
ৰাজ্যত প্ৰথমখন স্বতন্ত্ৰ কৰ‘ণা চিকিৎসালয় শুভাৰম্ভণিঃ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - উন্নত মানৰ প্ৰযুক্তিৰে নিৰ্মাণ
কৰ‘ণা আক্ৰান্তৰ বাবে ৰাজ্যত শুভাৰম্ভণি কৰা হয় উন্নত মানৰ এখন চিকিৎসালয় যত সৰ্বমুঠ 180 গৰাকী ৰোগী আৰু আই চি ইউত 60 গৰাকীকৈ ৰোগী ৰাখিব পৰা যাব ৷
গুৰুত্বপূৰ্ণ কথা এই যে উত্তৰ-পূৰ্বৰ ভিতৰতে প্ৰথমখন স্বতন্ত্ৰ ক'ৰণা চিকিৎসালয়ত ১৮০খন বিছনা আৰু ৬০খন আই চি ইউ বেড আছে। লগতে লেব আৰু জটিল অষ্ট্ৰোপচাৰ কৰিব পৰা বিশেষ কক্ষ । নতুন দিল্লীৰ এইমছত এই প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে-মন্ত্ৰী শৰ্মাই কয়। চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় বাবে প্ৰায় ১.৫০কোটি টকা ব্যয় কৰি নিৰ্মান কৰা হৈছিল বিশেষ বিল্ডিঙটো। ক'ৰণা যেতিয়ালৈকে থাকিব তেতিয়া লৈ এই চিকিৎসালয় চলি থাকিব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। চিকিৎসালয় খনৰ শুভাৰম্ভনি অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত থাকে ৷
লগতে পঢ়কঃ ধিঙত অচিন পোকৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন কৃষকৰ