আজাৰা, 9 জুন :ইণ্ডিগ'ৰ কৰ্মচাৰীৰ দেহত 'কভিড-১৯' ধৰা পৰাৰ পিছতেই কন্টেইনমেন জ'ন ঘোষণা কৰা হৈছে আজাৰাৰ এটি অঞ্চল । গুৱাহাটী মহানগৰীৰ আজাৰা হীৰাপাৰাৰ মুনিন্দ্ৰ দাস নামৰ যুৱকজনৰ শৰীৰত 'কভিড-১৯' ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি এক আতংকৰ সৃষ্টি হৈছিল । জানিব পৰা মতে, মুনিন্দ্ৰ দাস নামৰ যুৱকজনে বিমান সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ইণ্ডিগ' বিমানৰ চাফাই কৰ্মী হিচাপে কৰ্মৰত আছিল । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰত অৱতৰণ কৰা বিমান চাফ-চিকুন কৰা কামত নিয়োজিত আছিল যুৱকজন ।
আজাৰাত নতুনকৈ কন্টেইনমেন্ট জ'ন ঘোষণা - কন্টেইনমেন্ট জ'ন
ইণ্ডিগ'ৰ কৰ্মচাৰীৰ দেহত 'কভিড-১৯' ৷ কন্টেইনমেন জ'ন ঘোষণা কৰা হৈছে আজাৰাৰ এটি অঞ্চল ।
কিছুদিনপূৰ্বে মুনিন্দ্ৰ দাস জ্বৰ, কাহত আক্ৰান্ত হোৱাত যোৱা ৩ জুনত মুনীন্দ্ৰক হোম কোৱাৰেণ্টাইন কৰাৰ পিচত ৪ জুনত স্বাস্থ্য বিভাগে স্বাৱৰ নমুনা সংগ্ৰহ কৰিছিল । সোমবাৰে পৰীক্ষাৰ ফলাফলত পজিটিভ অহাত স্বাস্থ্য বিভাগে মুনিন্দ্ৰ দাসক চিকিৎসাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আনহাতে, মুনীন্দ্ৰ দাসৰ শৰীৰত ক'ৰনা ভাইৰাছ ধৰা পৰাৰ কথা সদৰি কৰাৰ পিছতেই অঞ্চলটোৰ লোকসকলৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।
ইতিমধ্যে স্বাস্থ্য বিভাগে মুনিন্দ্ৰ দাসৰ সংস্পৰ্শলৈ অহা লোকসকলক তালিকা সংগ্ৰহ কৰা আৰম্ভ কৰিছে । মুনিন্দ্ৰ দাসৰ সংস্পৰ্শলৈ অহা প্ৰায় 5 জন লোকক চিনাক্ত কৰি স্বাৱ সংগ্ৰহ কৰিব বুলি জনাইছে আজাৰা ৰাজহ চক্ৰ বিষয়া মৃণাল বৰাই । আজাৰা ৰাজহ চক্ৰ বিষয়া আৰু আজাৰা আৰক্ষীয়ে ইতিমধ্যে হীৰাপাৰাৰ এটি এলেকা কণ্টেইমেন জ'ন ঘোষণা কৰি বেৰিকেড বান্ধি ৰাইজৰ অহা-যোৱা বন্ধ কৰি দিছে । স্বাস্থ্য বিভাগৰ লোক আজাৰা হীৰাপাৰাত উপস্থিত হৈ মুনিন্দ্ৰ দাসৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়া লোকৰ স্বাৱ পৰীক্ষা কৰে । একেদৰে জানিব পৰা বিমানবন্দৰত কৰ্মৰত ৭০ জন লোকৰ ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে প্ৰশাসনে ।
লগতে পঢ়ক : বৰঝাৰ বিমান বন্দৰৰ ইণ্ডিগ' বিমানৰ চাফাই কৰ্মী কোভিড-১৯ ত আক্ৰান্ত