অসম

assam

By

Published : Oct 2, 2021, 8:41 PM IST

Updated : Oct 16, 2021, 4:42 PM IST

ETV Bharat / state

অসম চুক্তি ৰূপায়ণৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষ সমিতি

অসম চুক্তি ৰূপায়ন সন্দৰ্ভত পুনৰ নতুন সমিতি গঠন কৰিলে চৰকাৰে ৷ অসম চৰকাৰৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰে গঠন কৰা হৈছে এই বিশেষ সমিতিখন ৷

new-comitee-for-assam-accord-implementation-declared
অসম চুক্তি ৰূপায়ণঃ চৰকাৰে গঠন কৰি দিলে বিশেষ সমিতি

গুৱাহাটী, ২ অক্টোবৰ :অসম চুক্তি ৰূপায়ণক কেন্দ্ৰ কৰি যোৱা তিনিটা দশকজুৰি ৰাজনীতি অব্যাহত আছে । মাজতে কেতিয়াবা কোনোখন চৰকাৰে চুক্তি ৰূপায়ণৰ বাবে মন্ত্ৰীগোট গঠন কৰি দিছে ৷ আকৌ কেতিয়াবা আন কোনো এখন চৰকাৰে গঠন কৰি দিছে কেবিনেট উপ-সমিতি । আনকি চুক্তিখনৰ ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বতো এখন সমিতি গঠন কৰি দিয়া হৈছিল ।

অসম চুক্তি ৰূপায়ণঃ চৰকাৰে গঠন কৰি দিলে বিশেষ সমিতি

যিখন সমিতিয়ে চৰকাৰৰ হাতত ইতিমধ্যে দাখিল‌ কৰা প্ৰতিবেদন সম্প্ৰতি ধোৱাচাঙত উঠিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই সকলো বিলাকৰ পিছত এইবাৰ ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণৰ বিষয়টো চাবলৈ গঠন কৰিছে আৰু এখন নতুন সমিতি । এই বিশেষ সমিতিখনে ন্যায়াধীশ শৰ্মা আয়োগে ছয় নম্বৰ দফা সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনৰ লগতে অসম চুক্তিৰ ৭, ৯ আৰু ১০ নম্বৰ দফা কেইটা কাৰ্যকৰীকৰণৰ বিষয়টো চালিজাৰি চাই চৰকাৰক‌ পৰামৰ্শ আগবঢ়াব ।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোও বিবেচনা কৰিব এই সমিতিখনে । সমিতিৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাক ।

সদস্য হিচাপে নিযুক্তি দিয়া হৈছে মন্ত্ৰী অজন্তা নেওগ, পীযুষ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা‌ ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈক । সমিতিৰ আহ্বায়কৰূপে থাকিব ৰাজ্য চৰকাৰৰ অসম চুক্তি বিভাগৰ উপ-সচিব সুজাতা শুচিব্ৰতা ।

লগতে পঢ়ক :গান্ধী জয়ন্তীৰ পুৱাতে ৰাজহুৱা পুখুৰী চাফা কৰিলে বজালীৰ উপায়ুক্তই

Last Updated : Oct 16, 2021, 4:42 PM IST

ABOUT THE AUTHOR

...view details