গুৱাহাটী,10 মে’: ৰাজ্যৰ 15 সংখ্যক মুখ্যমন্ত্ৰীৰূপে আনুষ্ঠানিকভাৱে সোমবাৰে শপতগ্ৰহণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ শপত গ্ৰহণৰ পিছতে সন্ধিয়া মুখ্যমন্ত্ৰী শৰ্মা উপস্থিত হয় আৰএছএছৰ কাৰ্যালয় কেশৱধামত ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰএছএছৰ একাংশ শীৰ্ষ নেতাৰ সৈতে এক বৈঠকত মিলিত হয় ৷
মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে কেশৱধামত উপস্থিত ডঃ হিমন্ত বিশ্ব শৰ্মা - RSS
শপত গ্ৰহণৰ পিছতে সন্ধিয়া মুখ্যমন্ত্ৰী শৰ্মা উপস্থিত হয় আৰএছএছৰ কাৰ্যালয় কেশৱধামত ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰএছএছৰ একাংশ শীৰ্ষ নেতাৰ সৈতে এক বৈঠকত মিলিত হয় ৷

কেশৱধামত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
উক্ত বৈঠকত উপস্থিত থাকে বশিষ্ঠ বুজৰবৰুৱা, উল্লাহ কুলকাৰ্ণী, নৃপেন বৰ্মন, সুনীল দেশপাণ্ডে, সুনীল মহান্তিকে ধৰি সংঘৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা । মুখ্যমন্ত্ৰী গৰাকীক এই কাৰ্যসূচীত সংগ দিয়ে বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাংসদ দিলীপ শইকীয়া আদিয়ে ৷
Last Updated : May 10, 2021, 10:44 PM IST