অসম

assam

ETV Bharat / state

অৱশেষত খান্দি উলিওৱা হ'ল নৱগ্ৰহ শ্মশানৰ পৰা এটি দেৱশিশুৰ মৃতদেহ.. - খান্দি উলিওৱা হল নৱগ্ৰহ শ্মশানৰ পৰা দেৱশিশুটি

উল্লেখ্য যে, উক্ত ঘটনা সন্দৰ্ভত মাতৃ গৰাকীক ভুল চিকিৎসা কৰাৰ লগতে অস্ত্ৰোপচাৰত জোখতকৈ অধিক পেটত কাটিছিল বুলি ড0 হিতেন্দ্ৰ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে শিশুটিৰ মাতৃয়ে ৷

খান্দি উলিওৱা হল নৱগ্ৰহ শ্মশানৰ পৰা দেৱশিশুটি
খান্দি উলিওৱা হল নৱগ্ৰহ শ্মশানৰ পৰা দেৱশিশুটি

By

Published : Feb 8, 2020, 11:40 PM IST

গুৱাহাটী, 8 ফেব্ৰুৱাৰীঃ অৱশেষত খান্দি উলিওৱা হ'ল নৱগ্ৰহ শ্মশানৰ পৰা দেৱশিশুটিৰ মৃতদেহ। 4 দিনৰ ন্যায়ালয়ৰ পৰিক্ৰমাৰ অন্তত শনিবাৰে নৱগ্ৰহ শ্মশানত প্ৰশাসনৰ উপস্থিতিত খান্দি উলিওৱা হয় শিশুটিৰ মৃতদেহ। চিকিৎসকৰ ভূল চিকিৎসাৰ বাবে দেৱ শিশুটিয়ে প্ৰাণ হেৰুওৱা বুলি অভিযোগ কৰি পিতৃ মাতৃয়ে ন্যায়ৰ আশাত শিশুটিৰ মৃতদেহ খান্দি মৰণোত্তৰ পৰীক্ষাৰ বাবে আবেদন বিচাৰিছিল ন্যায়ালয়ৰ পৰা। বিগত তিনিদিনে ন্যায়ালয়ৰ দুৱাৰ খটখটোৱাৰ পাছত শুকুৰবাৰে দণ্ডাধীশে শিশুটিৰ মৃতদেহটো উলিয়াবলৈ অনুমতি প্ৰদান কৰে পৰিয়ালটোক ৷ সেয়ে শনিবাৰে খান্দি উলিওৱা হয় দেৱশিশুটিৰ মৃতদেহ ৷

দেৱশিশুটিৰ পিতৃ-মাতৃ

দৰাচলতে, ৰঙিয়া স্বস্তি হাস্পাতালৰ স্ত্ৰী ৰোগ বিশেষজ্ঞড0 হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত 9 জানুৱাৰীত অস্ত্ৰোপচাৰৰ জৰিয়তে মহিলাগৰাকীয়ে জন্ম দিছিল এটি কন্যা সন্তানক ।কিন্তু জন্মৰ পাছতে ক্ৰমাৎ অসুস্থ হৈ পৰিছিল শিশুটি । স্বস্তি হাস্পাতালত সদ্যজাত শিশুটিৰ চিকিৎসা অব্যাহত আছিল যদিও সুস্থ হোৱা নাছিল শিশুটি। পৰৱৰ্তী সময়ত কন্যা শিশুটিক মহানগৰস্থিত প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰে পিতৃ-মাতৃয়ে। প্ৰতীক্ষা হাস্পতালৰ তত্ত্বাৱধানত শিশুটিক চিকিৎসা কৰা হয় যদিও 4 ফেব্ৰুৱাৰীত মৃত্যু হয় নৱজাতকটিৰ। একমাত্ৰ ভুল চিকিৎসাআৰু চিকিৎসকৰ গাফিলতিৰ বাবে সন্তানটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি নৱজাতকটোৰ পিতৃ মাতৃয়ে ৰঙিয়া থানাত গোচৰ ৰুজু কৰে ৷

অৱশেষত খান্দি উলিওৱা হ'ল নৱগ্ৰহ শ্মশানৰ পৰা এটি দেৱশিশুৰ মৃতদেহ..

সমাধিস্থ শিশুটিৰ মৃতদেহটো উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ অনুমতিৰ বাবে বিগত দুদিন ধৰি আদালতৰ চৌহদে চৌহদে দণ্ডাধীশ বিচাৰি হাহাকাৰ কৰিছিল দুৰ্ভগীয়া পিতৃ মাতৃয়ে । অৱশেষত দণ্ডাধীশে শনিবাৰে শিশুটিৰ মৃতদেহ খান্দি উলিওৱাৰ অনুমতি প্ৰদান কৰে পৰিয়ালটোক৷ উল্লেখ্য যে, উক্ত ঘটনা সন্দৰ্ভত মাতৃ গৰাকীক ভুল চিকিৎসা কৰাৰ লগতে অস্ত্ৰোপচাৰত জোখতকৈ অধিক পেটত কাটিছিল বুলি ড0 হিতেন্দ্ৰ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে শিশুটিৰ মাতৃয়ে ৷ আনহাতে মৰোণোত্তৰ পৰীক্ষাৰ পাছতে সদ্যজাত শিশুটিৰ মৃত্যুৰ সকলো কাৰণ পোহৰলৈ আহিব বুলি এই ঘটনাৰ তদাৰক কৰা দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ কন্যাৰ মৃতদেহ উলিওৱাৰ অনুমতিৰ বাবে আদালতৰ চৌহদত এহাল দম্পত্তি....

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details