গুৱাহাটী, ২৮ আগষ্টঃঅসমৰ গোৱালপাৰা জিলাৰ দুধনৈত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্রণালয়ে নিৰ্মাণ কৰিব এখন আয়ুৰ্বেদিক মহাবিদ্যালয় । ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৭০ কোটি টকা । শনিবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আয়ুস মন্ত্রণালয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয়, ৰাষ্ট্ৰীয় আয়ুস মিছনৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ১০০ খন ঔষধালয়ৰ উপৰি ১০০০ টা হেল্থ ৱেলনেছ চেণ্টাৰ প্ৰতিষ্ঠা কৰা হ'ব । তদুপৰি নেচনেল মেডিচিন প্লাণ্ট বোৰ্ডৰ তৰফৰ পৰা ঔষধি গুণ সম্পন্ন গছ-বন তথা লতাৰ কৃষি কাৰ্যৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক সহযোগিতা আগবঢ়োৱা হ'ব ।
আনহাতে ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা গুৱাহাটীৰ জালুকবাৰীত থকা অসমৰ একমাত্র আয়ুৰ্বেদিক মহাবিদ্যালয়খনক চেণ্টাৰ অৱ এক্সিলেন্স হিচাপে গঢ় দিয়া হ'ব । ইয়াৰ বাবে ১০ কোটি টকাৰ অনুদান আগবঢ়োৱা হ'ব জানিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়ক:গুৱাহাটীত উত্তৰ-পূর্বাঞ্চলৰ স্বাস্থ্যমন্ত্ৰী সকল আৰু আয়ুসৰ সন্মিলন
কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে লগতে কয়, অসমসহ উত্তৰ-পূৰ্বাঞ্চলত আয়ুসৰ ক্ষেত্রত প্ৰচুৰ সম্পদ আৰু সম্ভাৱনীয়তা আছে । এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ঔষধি গুণসম্পন্ন কেচাঁমালৰ উৎপাদন বৃদ্ধিৰ লগতে ঔষধ প্ৰস্তুকাৰী ইউনিট কৰাত গুৰুত্ব আৰোপ কৰা হৈছে । তদুপৰি এই দিশটোত অধ্যয়ন আৰু গৱেষণা কৰাৰ বাবেও পদক্ষেপ লোৱা হ'ব ।