অসম

assam

ETV Bharat / state

Assamese movie Bungalow 11 : বাংলো ১১ ৰ ৰহস্য ফাদিল কৰিবলৈ আহি আছে এইসকল অভিনেতা-অভিনেত্ৰী - ভৌতিক চিনেমা

শীঘ্ৰেই আহি আছে এখন নতুন অসমীয়া ছবি । নাম- বাংলো (১১)। এখন ৰসাল ভৌতিক চিনেমা । অহা বছৰৰ মাজভাগত ৰাইজৰ বাবে মুক্তি দিয়া হ’ব ছবিখন ।

New Assamese movie Bungalow 11 announced, Bungalow 11 shooting will start on 9th October
আহি আছে নতুন অসমীয়া ছবি বাংলো ১১

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:51 PM IST

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ: অসমীয়া ছবি জগতৰ বাবে অন্য এক ভাল খবৰ । আপুনি ভৌতিক ছবি চাই ভাল পায় নেকি ? যদি ভাল পায়, তেন্তে আপোনাৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ ৷ শীঘ্ৰেই আহি আছে এখন ৰসাল ভৌতিক অসমীয়া চিনেমা ৷ চিনেমাখনৰ নাম ‘বাংলো (১১)’। ছবিখনৰ কাহিনী আৰু পৰিচালনা ত্ৰিদিব লাহনৰ । বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰ যাদুৰে দৰ্শকক মোহিত কৰিবলৈ সাজু হৈছে পৰিচালক ত্ৰিদিব লাহন ।

ছবিখনত অভিনয় কৰিব বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে । নতুন ছবি বাংলো (১১)ত অভিনয় কৰিব যতীন বৰা, মলয়া গোস্বামী, কল্পনা কলিতা, দীক্ষু শর্মা, সিদ্ধার্থ শৰ্মা, অৰুণ হাজৰিকা, বিভূতি ভূষণ হাজৰিকা, দীপজ্যোতি কেওঁট, শ্রেয়া বৰঠাকুৰ, সিদ্ধার্থ মুখাৰ্জী, পদ্মৰাগ গোস্বামী, ৰাজীৱ দুৱৰী আৰু মানস শৰ্মাই। আনহাতে, ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে তাৰিণী কমল বড়া, দেৱব্ৰত দত্ত আৰু দিব্যজ্যোতি বৰঠাকুৰ ।

আনহাতে চিত্ৰগ্ৰহণ কৰিছে জ্ঞান গৌতমে আৰু সংগীত বিজয় শংকৰৰ । কৰিঅ’গ্ৰাফাৰ হৈছে দীপক দে আৰু অসীম গগৈ । ৰূপসজ্জা বিজিয়েতা পাটগিৰি আৰু সাজসজ্জা গৰিমা শইকীয়া গাৰ্গৰ । কাহিনীৰ সাৰাংশ অনুসৰি তিনিবছৰৰ পৰা পৰিত্যক্ত এটা বাংলোত দুটা চোৰ সোমাই । সিহঁত সন্মুখীন হয় এটা অশৰীৰী আত্মাৰ । সেই বাংলোটোত বিভিন্ন কাৰণত বিভিন্ন জন লগ হয়হি। আত্মাটোৰ মুক্তি আৰু ন্যায়ৰ বাবে সকলো এক হৈ কি পৰিস্থিতিৰ মুখামুখি হয়, তাৰ পাকচক্ৰয়েই এই কাল্পনিক হাস্যমধুৰ চিনেমাখনৰ কাহিনীক লৈ নিৰ্মাণ কৰা হ’ব।

অহা ৯ অক্টোবৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব । অহা বছৰৰ মাজভাগত ৰাইজৰ বাবে মুক্তি দিয়া হ’ব ছবিখন । ভৌতিক আৰু হাস্যমধুৰ কাহিনীৰে সমৃদ্ধ এই ছবিখনক লৈ আশাবাদী ছবিখনৰ কলা-কুশলী তথা পৰিচালক । জ্যোতি চিত্ৰবনত কিছুদিন পূৰ্বে অনুষ্ঠিত হৈছিল ছবিখনৰ শুভ মহুৰত অনুষ্ঠান । উল্লেখযোগ্য যে, অসমীয়া ছবি জগতখনলৈ শেহতীয়াকৈ বহু নতুন খবৰ আহিছে । ইখনৰ পিচত, সিখনকৈ নিৰ্মাণ কৰা হৈছে নতুন অসমীয়া ছবি ।

লগতে পঢ়ক:Zubeen Garg Jhumur dance: মৰাণৰ খোৱাং চাহ বাগিচাত মাদল বজাই ঝুমুৰ নাচিলে জুবিন গাৰ্গে

ABOUT THE AUTHOR

...view details