অসম

assam

ETV Bharat / state

দীঘলীয়া অপেক্ষাৰ অন্তত আহি আছে বিদুৰভাই -২

Bidurbhai -2 promo: ৱেব চিৰিজ নহয়, এইবাৰ ছবি আকাৰে আহি আছে বিদুৰভাই -২ । সামাজিক মাধ্যমত প্ৰ’ম’ শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰিছে টীম বিদুৰভায়ে ।

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 1:21 PM IST

New Assamese movie Bidurbhai -2 promo out now
বিদুৰভাই -২ প্ৰ’ম’

গুৱাহাটী, 3 জানুৱাৰী: অপেক্ষাৰ অন্ত পৰিল । নৱবৰ্ষৰ আৰম্ভণিতে ভাল খবৰ দিলে টীম বিদুৰভায়ে । বিদুৰভাই -২ এইবাৰ ৱেব চিৰিজ হিচাপে নহয়, ছবি হিচাপে শীঘ্ৰেই ছবিগৃহলৈ আহি আছে । এই সন্দৰ্ভত ইতিমধ্যে এটা প্ৰ’ম’ মুক্তি দিয়া হৈছে । প্ৰ’ম’টোৰ আৰম্ভণিতে চুলি মেলি হাতত লাখুটি লৈ ওলাই এগৰাকী আইতা । বিদুৰভাইৰ দলটো মৰিশালীৰ ওচৰেৰে পাৰ হৈ যাওঁতে আইতাগৰাকীয়ে বাট আগচি ধৰে ৷

ইয়াৰ পিচত প্ৰ’ম’টোত আইতাগৰাকীয়ে কয়, বিদুৰ ভাইৰ পৰৱৰ্তী খণ্ডটোলৈ অপেক্ষা কৰি কৰি মৰি ভূত হ’লো । লগতে আইতাই বিদুৰভাইৰ দলটোক এটা চৰ্ত দিয়ে যে, এইবাৰ বিদুৰভাইক লৈ বিনোদনমূলক চিনেমা কৰিব লাগিব, কিন্তু আগৰ ফিলটো থাকিব লাগিব । সোনকালেই কামটো নকৰাৰ বাবে আইতাৰ প্ৰচণ্ড খং উঠে । ইয়াৰ পিচত আইতাৰ কথাত সন্মতি দিয়ে বিদুৰ ভাইৰ দলটোৱে ৷

প্ৰ’ম’টো মুক্তিৰ পাচতেই এতিয়া দেখা পোৱা গৈছে সামাজিক মাধ্যমত যথেষ্ট সমাদৰ লাভ কৰিছে ৷ ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীয়ে ৷ পৰিচালক সুব্ৰত কাকতিৰ পৰিচালনাৰে আহি আছে "বিদুৰভাই -২" । উল্লেখযোগ্য যে, মাইক্ৰফাইনান্স, বিত্তীয় প্ৰতিষ্ঠানৰ কৰাল গ্ৰাসত পৰা অসম গ্ৰাম্য সমাজৰ লগতে লকডাউনৰ বাবে চৰম আৰ্থিক অনাটন, গ্ৰামাঞ্চলৰ মহিলা গোটৰ সুখ-দুখসমূহকে কাহিনীৰ আধাৰ বা পটভূমি হিচাপে লৈ নিৰ্মাণ কৰা হৈছিল অসমীয়া ৱেব চিৰিজ বিদুৰভাই ৷ প্ৰায় দুবছৰ পূৰ্বে মুক্তি লাভ কৰা ৱেব চিৰিজখন, মুক্তিৰ পিচৰে পৰা প্ৰতিটো খণ্ডই ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছিল ।

লগতে চিৰিজখনৰ "বিদুৰগীত" গীতটোৱে ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বিদুৰভাইৰ সংগীত প্ৰণয় দত্তৰ ৷ দৃশ্যগ্ৰহণ উত্তম কলিতাৰ ৷ আনহাতে অভিনয় কৰিছিল ‘বেহাৰবাৰী’ খ্যাত চুমকী কছাৰী, পংকজ মহন্ত, উজ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নীতু খনিকৰ, কংকন শইকীয়া, মৌচুমী শইকীয়া, স্নিগ্ধা ফুকন, আনন্দ বৰুৱা, বলিন বৰা, উদ্বীপনা বৰা, উত্তম কলিতা আৰু শৰ্মিষ্ঠা দাস আদিয়ে । পৰিচালক সুব্ৰত আৰু তেওঁৰ দলটোৱে জনপ্ৰিয় ৱেব চিৰিজ বিদুৰভাই চিনেমা আকাৰে কৰিবলৈ লোৱাৰ খবৰে এতিয়া উৎফুল্লিত কৰিছে সকলোকে ।

লগতে পঢ়ক:২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত দ্য মিছিং বয়

ABOUT THE AUTHOR

...view details