গুৱাহাটী, ৫ জানুৱাৰী: ২০২৩ চনৰ শেষৰ ফালে মুক্তি লাভ কৰিছিল ‘ৰঙাটাপু ১৯৮২’ ৷ ২০২৩ চনত বহুকেইখন ছবি সফল হৈছিল আৰু ইয়াৰ ভিতৰত অন্যতম সফল ছবি হৈছে ‘ৰঙাটাপু ১৯৮২’ ৷ অসম বুৰঞ্জীৰ বুকুৰ পৰা লোৱা এটা কাহিনীক আধাৰ হিচাপে লোৱা ছবিখন দৰ্শকৰ মাজত বিশেষ ভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু মনকৰিবলগীয়া কথা যে এই ছবিখন কোনো অভিজ্ঞ লোকৰ দ্বাৰা পৰিচালিত নহয়, অভিজ্ঞ নথকা বুলি এই কাৰণেই কৈছো, কিয়নো এই ছবিখন পৰিচালনা কৰিছে ন পৰিচালক আদিত্যম শইকীয়া ৷ আদিত্যম শইকীয়াৰ এয়া আছিল প্ৰথমখন ছবি ৷ কিন্তু পৰিচালকগৰাকীৰ প্ৰথম ছবিখনেই আছিল অতি সফল ৷
এতিয়া ৰঙাটাপুৰ সফলতাৰ পাচত শীঘ্ৰেই আহি আছে আদিত্যম শইকীয়াৰ দ্বিতীয়খন ছবি "The Black Umbrella" । ২০২৪ বৰ্ষৰ আৰম্ভণিতে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে পৰিচালক আদিত্যম শইকীয়াই । উল্লেখযোগ্য যে বিগত ২০২৩ বৰ্ষত মুক্তিপ্ৰাপ্ত "ৰঙাটাপু ১৯৮২" ছবিখনে যি জনপ্ৰিয়তা আৰু সমাদৰ লাভ কৰিলে তাৰ পিচতে আচলতে এগৰাকী পৰিচালক হিচাবে আদিত্যম শইকীয়াৰ নিপুণতা যথেষ্ট প্ৰকাশ পাইছে, তেখেতৰ ওপৰত দৰ্শকৰ বিশ্বাসো বাঢ়িছে ।