অসম

assam

ETV Bharat / state

Mamatar Sithi released in theatres: ছবিগৃহত মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত নতুন অসমীয়া ছবি মমতাৰ চিঠি - নিৰ্মল দাসৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

এটা হৃদয়স্পৰ্শী কবিতাৰে এখন চিনেমা । হেম বৰুৱা দেৱৰ এটা বিখ্যাত কবিতাৰে এখন ছবি নিৰ্মাণৰ কথা কেনেকৈ মনলৈ আহিল আহিল ? জনালে পৰিচালক নিৰ্মল দাসে ।

New assamese film 'Mamatar Sithi released 32 theatres in Assam today
মমতাৰ চিঠি মুক্তি

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 3:33 PM IST

মমতাৰ চিঠি মুক্তি

গুৱাহাটী, 6 অক্টোবৰ:এটা হৃদয়স্পৰ্শী কবিতা-‘মতাৰ চিঠি’ । হেম বৰুৱাৰ হৃদয়স্পৰ্শী কবিতা ‘মমতাৰ চিঠি’ নপঢ়া বা নুশুনা হয়তো খুব কম সংখ্যাক লোকহে ওলাব । 'মমতাৰ চিঠি' কবিতাটিৰ আলমত নিৰ্মাণ কৰা হৈছে এখন অসমীয়া ছবি । অসমীয়া চলচ্চিত্ৰৰ দৰ্শকৰ বাবে 'মমতাৰ চিঠি ' এইবাৰ চিনেমাৰ ৰূপত ৷ 'মুখা'ৰ বেনাৰত পৰিচালক নিৰ্মল দাসে নিৰ্মাণ কৰিছে 'মমতাৰ চিঠি' ছবিখন ।

নিৰ্মল দাসৰ বহু প্ৰত্যাশিত ছবিখনে আজি মুক্তি লাভ কৰিলে ছবিগৃহত ৷ অসমৰ ৩২ টাকৈ ছবিগৃহত মুক্তি লাভ কৰিছে ছবিখন । ছবিখনৰ সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত পৰিচালক নিৰ্মল দাসে কয়,‘‘ কবিতাৰ ওপৰত এইখন এখন প্ৰথম অসমীয়া চলচ্চিত্ৰ । মই কবিতাটোৰ ওপৰত প্ৰথমতে একক অভিনয়, তাৰ পিচত নাটক আৰু এতিয়া ছবি নিৰ্মাণ কৰিলোঁ । আশা কৰো ছবিখন ৰাইজে আদৰি ল’ব ।’’

লগতে আজি যিহেতু অন্য এখন অসমীয়া ছবি ‘এটি নক্ষত্ৰ’ও মুক্তি লাভ কৰিছে, একে দিনাই দুখন ছবি মুক্তিৰ সন্দৰ্ভত পৰিচালক নিৰ্মল দাসে কয়,‘‘একেদিনাই দুখন ছবি মুক্তি পোৱাটো অসমীয়া ছবি জগতৰ বাবে এটা ভাল খবৰ । আগতে বছৰত যদি এখন ছবি মুক্তি পাইছিল, এতিয়া প্ৰতিটো সপ্তাহতে এখন ছবি মুক্তি পাইছে । এয়া অত্যন্ত এক ভাল খবৰ । ’’

উল্লেখ্য যে, ছবিখনৰ মুখ্য চৰিত্ৰ মৰম আৰু মমতাৰ চৰিত্ৰত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াই ৷ লগতে ছবিখনত বৰ্ষীয়ান অভিনেত্ৰী চেতনা দাসৰ লগতে আন আন চৰিত্ৰত অভিনয় কৰিছে ৰীণা বৰা, বিশ্বজিৎ ওজা, কবিন্দ্ৰ দাস, পল্লব পৱন বৰা, দিগন্ত কলিতা, ভাৰ্গৱ কটকী, বিপ্লৱ বৰকাকতি, গোলাপ ভূঞা, হেমাংগ ৰায়চৌধুৰী, মুকুট পূজাৰী, মনোজ দাস, হিতেশৰ মহিলাৰী, সংঘমিত্ৰা ওজা, গৰিমা দাস, দীপশিখা দাস, বিক্ৰম কাকতি, সঞ্জীৱ দাস, মল্লিকা শৰ্মা, উৎপল, শৰ্মিষ্ঠা দাস আদিয়ে ৷ আনহাতে শিশু শিল্পীৰূপে অভিনয় কৰিছে ভিক্টৰ অৰ্জুন দাস, প্ৰিয়দৰ্শন, প্ৰেৰণা, জ্ঞানম কিশোৰ, উদিচী, প্ৰিয়ব্ৰতে । ছবিখনক লৈ এতিয়া আশাবাদী পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক:Mamatar Sithi : কবিতাৰ পৰা নিৰ্মিত ছবি মমতাৰ চিঠিৰ পৰিচালক নিৰ্মল দাসৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details