গুৱাহাটী,২৯ মে': চৌদিশে এতিয়া অসমীয়া ছবিৰ জয়জয়কাৰ । ইখনৰ পাছত সিখনকৈ অসমীয়া ছবিয়ে দখল কৰিছেহি ছবিঘৰ । শেহতীয়া আৰু আহিবলগীয়া ছবিসমূহৰ চৰ্চা চলি থকাৰ মাজতে চৰ্চিত হৈছে আন এখন ছবিৰ প্ৰসংগ । শীঘ্ৰেই নিৰ্মাণ হ'বলৈ গৈ আছে অসমীয়া কথাছবি কাকা (New Assamese film auspicious mahurat in Beharbari)।
IVR ফুটেজ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ হ'ব কথাছবি কাকা । সোমবাৰে কথাছবিখনৰ শুভ মহুৰৎ অনুষ্ঠিত কৰে মহানগৰীৰ বেহৰবাৰীত । কথাছবি কাকাৰ প্ৰযোজনা কৰিছে সংযুক্তা বেজবৰুৱাই । লগতে পৰিচালনা কৰিছে যশস্বী পৰিচালক ৰমেন বৰ্মনে । ছবিখনৰ মূল কাহিনী ৰমেন বৰ্মনৰ আৰু চিত্ৰনাট্য সংলাপ মানৱ জ্যোতি নাথৰ (New Assamese film) ।
সম্পূৰ্ণ বাস্তৱধৰ্মী এই ছবিখনত বিশেষকৈ প্ৰয়োগ কৰা হ'ব নামনি অসমৰ কামৰূপীয়া ভাষা । ২ জুনৰ পৰা আৰম্ভ হ'ব ছবিখনৰ দৃশ্যগ্ৰহণ । অসমৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীটো কৰা হ'ব ছবিখনৰ দৃশ্যগ্ৰহণ । এই ছবিখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতী, হিৰণ্য ডেকা, মানস শৰ্মাৰ লগতে অভিনেত্ৰী চেতনা দাস, ভ্ৰান্তি মেধিৰ তথা পৰিচালক ৰমেন বৰ্মনৰ উপৰিও বহু ন-পুৰণি শিল্পীয়ে (Assamese Film Industry) ।