গুৱাহাটী,৬ ছেপ্টেম্বৰ:অহা ৬ অক্টোবৰত ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি 'এটি নক্ষত্ৰ' । অসমৰ লগতেই বহিঃৰাজ্যতো মুক্তি দিয়া হ'ব ছবিখন । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ছবিখনৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে ছবিখনিৰ ট্ৰেইলাৰ আৰু এটি গীতো প্ৰদৰ্শন কৰা হয় ।
সংবাদমেলখনত উপস্থিত থাকে ছবিখনৰ প্রযোজক-পৰিচালকৰ লগতে কেবাগৰাকীও কলা-কুশলী । 'অপৰাধীক শাস্তিও বিহা হয়, ক্ষমাও কৰা হয় । অপৰাধী বস কৰিব পাৰিলে অপৰাধীয়েই নাথাকিব । অপৰাধীক বস কৰিবলৈ কেতিয়াবা জন্ম হয় একো একোটা নক্ষত্ৰৰ ।' এনে এক সমাজহিতকৰ গধুৰ বিষয়বস্তু লৈ নিৰ্মাণ কৰা হৈছে অসমীয়া ছবি 'এটি নক্ষত্র'।
হাইপ এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত নিৰ্মিত ছবিখনিৰ প্রযোজনা কৰিছে ৰুদ্ৰজিৎ মজুমদাৰ আৰু দ্বিগ্বিজয় মেধিয়ে । কাহিনী, চিত্রনাট্য আৰু পৰিচালনা ৰুদ্ৰজিৎ মজুমদাৰৰ । মুখ্য সহকাৰী পৰিচালক হিচাপে আছে অমৰদ্বীপ গগৈ আৰু সহকাৰী পৰিচালক কণিকা দাস, চন্দন কুমাৰ আৰু দিব্যজ্যোতি ডেকা । দৃশ্যগ্ৰহণকাৰী প্ৰদীপ দৈমাৰী আৰু সংগীত পৰিচালনা বিকাশ বৰুৱাৰ ।