দলগাঁও, ২৭ ডিচেম্বৰ : অসমীয়া ছবি জগতৰ বাবে আন এটা ভাল খবৰ ৷ বিগত বছৰবোৰত বহু কেইখন বিগ বাজেটৰ অসমীয়া কথাছবি নিৰ্মাণৰ পিচত আন এখন বিগ বাজেটৰ ছবি নিৰ্মাণৰ লগতে সম্পাদনাৰ কাম চলিছে৷ আৰ বি প্ৰডাকছনৰ বেনাৰত পূৰ্ণ গতিত চলিছে অগ্নিবীৰ ছবিৰ দৃশ্যগ্ৰহণৰ কাম ৷ বিগত দুমাহৰ পৰা গুৱাহাটীৰ লগতে গহপুৰ, চানডুবি, বৰপেটা, নগাঁও আদিত এক্সন-ৰোমান্টিক কাহিনীৰে ভৰপূৰ অসমীয়া বিগ বাজেটৰ ছবি অগ্নিবীৰৰ দৃশ্যগ্ৰহণৰ কাম সম্পন্ন কৰাৰ পিচত ছবিখনত অভিনয় কৰা অভিনেতা সিদ্ধান্ত কলিতা আৰু দক্ষিণ ভাৰতৰ ১৫ জনীয়া দল এটা দৃশ্যগ্ৰহণৰ বাবে উপস্থিত হয় ৰাজ্যৰ সৰ্ববৃহৎ খাৰুপেটীয়াৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ প্ৰাংগনত ।
অসমৰ বিভিন্ন লোকেশ্বনত দৃশ্যগ্ৰহণৰ পিচত দৰঙৰ খাৰুপেটীয়াৰ বাৰোৱাৰী দূৰ্গা পূজা মন্দিৰ চৌহদত এক্সনৰ দৃশ্যগ্ৰহণ কৰা হয় ৷ ৰোমাঞ্চ, এক্সন, আৱেগ-অনুভূতিৰে ভৰপূৰ চিনেমাখনৰ এটি দৃশ্যত নায়ক-নায়িকাই মন্দিৰলৈ পূজা আগবঢ়াবলৈ আহি সন্মুখীন হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাৰ এক্সন দৃশ্যগ্ৰহণ কৰা হয় মন্দিৰ চৌহদত । আৰ বি প্ৰডাকছনৰ বেনাৰত ৰজনী বর্মন পৰিচালিত এই ৰোমান্টিক ছবিখনৰ অভিনয়ত আছে বলিষ্ঠ অভিনেতা বাহাৰুল ইছলাম, চম্পক শর্মা, আকাশদীপ, হিৰণ্য দাস, ৰমেন তামুলী, অতুল পাঁচনিকে ধৰি বহু অভিনেতা-অভিনেত্ৰী । সংগীত পৰিচালনা কৰিছে অজয় ফুকনে ।