গুৱাহাটী, 24 নৱেম্বৰ: ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপক বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ড৹ অনুপম কৌশিক বৰাৰ ৰচনা- পৰিচালনাৰে আহি আছে অসমীয়া পূৰ্ণদৈৰ্ঘৰ ছবি "খলপীয়া স"। এই ছবিখনত দেখা যাব মাজুলীৰ এচাম শিশু শিল্পীৰ অভিনয় ৷
ছবিখনৰ কাহিনী হ’ব এনেধৰণৰ- এটি সাত বছৰীয়া শিশুৱে অসমীয়া বৰ্ণমালাৰ লগত আক্ষৰিক অৰ্থত যুঁজ কৰি আছে । বৰ্ণটো লিখোঁতে সকলোবোৰ চোন খেলিমেলি হৈ যায় । এই যুঁজৰ কোনো এক ঢাপত গাঁৱৰ মানুহৰ আটাইতকৈ অপ্ৰিয়, নিঃসংগ বৃদ্ধ মানুহজনৰ সৈতে শিশুটিৰ বন্ধুত্ব হয় । এই অগতানুগতিক বন্ধুত্বত আছে অসীম ফূৰ্তি আৰু একেলগে কৰা দুষ্টামী ! তেওঁলোকৰ ধেমালী দুয়োৰে জীৱনৰ সুকীয়া সংঘৰ্ষত বৰ সুকীয়া হৈ ধৰা দিয়ে । ইজন সিজনৰ জীৱনৰ সাৰথী হৈ পৰে । এই সমগ্ৰ ঘটনাৰাজী সাত বছৰীয়া ল’ৰাটোৰ দৃষ্টিৰে কাহিনী হিচাপে উপস্থাপন কৰি নিৰ্মাণ কৰা হ’ব এই ছবিখন ।
উল্লেখ্য যে, ছবিখনৰ ৰচনা আৰু পৰিচালনা ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপক বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ড৹ অনুপম কৌশিক বৰাৰ । পূৰ্ণদৈৰ্ঘৰ অসমীয়া শিশু চলচ্চিত্ৰ "খলপীয়া স" ৰ শুভ মুহুৰত ইতিমধ্যেই যোৱা ১৪ নৱেম্বৰত মাজুলীত সম্পন্ন হৈ যায় । শিশু দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই শুভ মুহুৰত অনুষ্ঠানটি ।