গুৱাহাটী, 28 জুন : অসম আৰক্ষীত কৰা হ'ল এক নতুন সংযোজন ৷ ছাইবাৰ অপৰাধ(Cyber Crime) প্ৰতিৰোধ কৰিবলৈ অসমৰ প্ৰতিখন থানাক প্ৰদান কৰা হ'ব cyber crime first respond kit ৷ বিশেষকৈ বেংক একাউন্টৰ ধন হৰলুকীকে ধৰি যিকোনো ছাইবাৰ অপৰাধ (Cyber Crime)ৰ বাবে অসম আৰক্ষীক প্ৰদান কৰা হ'ব এই অত্যাধুনিক যন্ত্ৰ ৷ প্ৰথম অৱস্থাত মহানগৰ আৰক্ষীক প্ৰদান কৰা হৈছে cyber crime first responder kit ৷
সোমবাৰে অপৰাধ অনুসন্ধানকাৰী শাখা(CID) ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা শুভ উদ্বোধনী অনুষ্ঠানৰ লগতে প্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল চাইবাৰ অপৰাধৰ ফৰেনচিক লেব (cyber crime forensic lab) তথা প্ৰশিক্ষণ কেন্দ্ৰ(traing centre) ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মুকলি কৰে আৰক্ষীৰ এই নৱতম সংযোজন ৷ লগতে মুকলি কৰা হয় নাগৰিকৰ বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা প্ৰতিবেদন আৰু ব্যৱস্থাপনা প্ৰণালী (citizen financial cyber fraud reporting and management system) ৰ হেল্পলাইন নমম্বৰ (helpline no) 155260 ৰ বিশেষ সেৱা ৷ এই অত্যাধুনিক সামগ্ৰী সমূহৰ বাবে 33 কোটি টকাৰ অধিক টকা খৰচ হৈছে ।