গুৱাহাটী, 22 আগষ্টঃ 100 শতাংশ মাচুল ৰেহাইৰে ৰাজ্যৰ প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানত অব্যাহত আছে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া ৷ ইতিমধ্যেই কেইবাখনো শিক্ষানুষ্ঠানত উচ্চত্তৰ মাধ্যমিক শাখাৰ প্ৰথম বাৰ্ষিকৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ সমান্তৰালকৈ স্নাতক শাখাৰ প্ৰথম ষাণ্মাসিকৰ বাবে আৰম্ভ হৈছে নাম ভৰ্তিৰ প্ৰক্ৰিয়া ৷
সমান্তৰালকৈ, ৰাজ্যৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়তো চলিত মাহৰ শেষৰ পিনে আৰম্ভ কৰা হ’ব নামভৰ্তি প্ৰক্ৰিয়া ৷ শিক্ষানুষ্ঠানখনত উচ্চত্তৰ মাধ্যমিক শাখাৰ প্ৰথম বৰ্ষৰ নাম ভৰ্তি প্ৰক্ৰিয়াৰ অন্ত পৰাৰ লগে লগেই আৰম্ভ হ’ব স্নাতক প্ৰথম ষাণ্মাসিকৰ নামভৰ্তি ৷
উল্লেখ্য যে, স্নাতক শাখাৰ প্ৰথম ষাণ্মাসিকৰ নামভৰ্তিৰ বাবে এইবেলি মুঠ 6টা শিতানৰ ব্যৱস্থা কৰা হৈছে ৷ কলা শাখাত অনাৰ্চ, বিজ্ঞান শাখাত অনাৰ্চ, বি এ ইন লিবাৰেল আৰ্টচ আৰু চেল্ফ ফাইনেঞ্চিঙৰ পাঠ্যক্ৰমৰ ভিতৰত সাংবাদিকতা, বি এচ ছি অনাৰ্চৰ পাঠ্যক্ৰমৰ ভিতৰত বায়’টেকন’লজি আদি শিতানত নামভৰ্তি কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷ কটন মহাবিদ্যালয়ত উচ্চত্তৰ মাধ্যমিকৰ কলা শাখাৰ ১২০ খন আসনৰ বাবে ৮০ শতাংশ কাট অৱ মাৰ্কচ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাৰ ৩২০ খন আসনৰ বাবে ৮৮ শতাংশ কাট অৱ মাৰ্কচ ৰখা হৈছে ৷