অসম

assam

ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ জন্ম দিন পালন - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

ৰাজ্য চৰকাৰৰ উদ‍্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিৱস ৷

nerandra modi birthday celebration at guwahati
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ জন্ম দিন পালন

By

Published : Sep 17, 2020, 7:29 PM IST

গুৱাহাটী,17 ছেপ্তেম্বৰঃবৃহস্পতিবাৰে দেশজুৰি পালন কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম দিৱস। দেশৰ আন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো পালন কৰা পৰিলক্ষিত হ'ল প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিৱস। ৰাজ্য চৰকাৰৰ উদ‍্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিৱস ৷ জন্ম দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ‍্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱাল,ৰাজ‍্যিক সভাপতি ৰঞ্জিত দাস,দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ লগতে নতুনকৈ দলটোৰ সদস্য পদ গ্ৰহণ কৰা ভালেকেইজন শিল্পী।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ জন্ম দিন পালন
উল্লেখযোগ্য যে,বিশিষ্ট সাংবাদিক কনকসেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থকা বৃহস্পতিবাৰৰ অনুষ্ঠানটোত ৰাজ্যখনৰ কেইবাজনো শিল্পীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত উপস্থিত থাকি বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ মন্তব্য-"নৰেন্দ্ৰ মোদী এগৰাকী ব‍্যতিক্ৰমী ব‍্যক্তি। তেওঁ নিজৰ জন্ম দিনতো সদায় বেলেগ ধৰণেৰে উদযাপন কৰিব বিচাৰে। সেয়েহে আমি তেখেতৰ ইচ্ছা অনুসৰিয়েই ব‍্যতিক্ৰমী ভাৱে আয়োজন কৰিছো তেওঁৰ জন্ম দিৱস।"

ABOUT THE AUTHOR

...view details