গুৱাহাটী,২৪ ফেব্ৰুৱাৰী: আগন্তুক ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কটন বিশ্ববিদ্যালয়ে ঘোষণা কৰিছে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম(CU announces four year undergraduate course) । ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ আধাৰত প্ৰস্তুত কৰা এই পাঠ্যক্ৰমৰ লগতে সংশ্লিষ্ট ক্ৰেডিট পদ্ধতিও সন্নিবিষ্ট কৰা হৈছে । কটন বিশ্ববিদ্যালয়ত ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হবলগীয়া এই চাৰি-বছৰীয়া পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ নামভৰ্তি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট (CUET)-ৰ ভিত্তিত প্ৰস্তুত কৰা মেধাৰ তালিকা অনুসৰি হ'ব বুলি অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগে যোৱা ২৭ জানুৱাৰীত জাৰি কৰা এক জাননী অনুসৰি ঘোষণা কৰা হৈছে(New education policy introduced from 2023) ।
তদুপৰি উল্লেখ কৰা হৈছে যে এই প্ৰৱেশ পৰীক্ষা নেচনেল টেষ্টিং এজেন্সিয়ে পৰিচালনা কৰিব(New education policy in Assam) । উক্ত প্ৰৱেশ পৰীক্ষাৰ বাবে বিষয় বাছনি সন্দৰ্ভত প্ৰয়োজনীয় তথ্য কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইটত (www.cottonuniversity.ac.in) প্ৰকাশিত ২৩ ফ্ৰেব্ৰুৱাৰী ২০২৩ তাৰিখৰ জাননীৰ সংলগ্ন অতিৰিক্ত সংযোজন-I, II আৰু III যোগে উপলব্ধ কৰা হৈছে । ইতিমধ্যে এই প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া cuet.samarth.ac.in ৱেবচাইট যোগে আৰম্ভ হৈছে । পঞ্জীয়নৰ অন্তিম সময় ১২ মাৰ্চৰ নিশা ৯ বজালৈ বুলি উল্লেখ কৰা হৈছে । অধিক তথ্য আৰু নিৰ্দেশনাৰ বাবে পৰীক্ষাৰ্থীসকলক কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইট পৰিদৰ্শন কৰি থাকিবলৈ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়কে অনুৰোধ জনাইছে ।