অসম

assam

ETV Bharat / state

Protest in Guwahati : শাসনাধিস্থ চৰকাৰৰ বিৰুদ্ধে চচলত নেমছুৰ প্ৰতিবাদ - শাসনাধিস্থ চৰকাৰৰ বিৰুদ্ধে চচলত নেমছুৰ প্ৰতিবাদ

মঙলবাৰে গুৱাহাটী মহানগৰীৰ চচলত প্ৰতিবাদত বহিল উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু (NEMSU protest in Guwahati)৷ উচ্ছেদৰ নামত সাধাৰণ লোকৰ ওপৰত চৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি নেমছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (NEMSU protest against Assam Govt in Guwahati) ৷

NEMSU protest in Guwahati
ৰাজ্যত আকৌ প্ৰতিবাদ

By

Published : Jan 24, 2023, 7:03 PM IST

ৰাজ্যত আকৌ প্ৰতিবাদ

গুৱাহাটী, ২৪ জানুৱাৰী :ৰাজ্যত আকৌ প্ৰতিবাদ (Protest in Assam) ৷ পুনৰবাৰ প্ৰতিবাদী কণ্ঠ গুঞ্জৰি উঠিল গুৱাহাটী মহানগৰীৰ চচলত ৷ অসমৰ সংখ্যালঘু লোকৰ ওপৰত চৰকাৰে চলোৱা ধাৰাবাহিক উচ্ছেদৰ বিৰোধিতা আৰু উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবী তুলি মঙলবাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ উদ্যোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী (NEMSU protest in Guwahati) ।

দিনৰ প্ৰায় ১১ বজাৰ পৰা ১ বজালৈ চচলৰ ধৰ্ণা স্থলীত সমবেত হয় প্ৰায় ২ শতাধিক প্ৰতিবাদকাৰী ৷ প্ৰতিবাদকাৰীসকলে উচ্ছেদৰ নামত সাধাৰণ লোকৰ ওপৰত চৰকাৰে কৰা অত্যাচাৰ বন্ধ কৰক, সংখ্যালঘুৰ ওপৰত চলোৱা অমানৱীয় উচ্ছেদ বন্ধ কৰক, উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, বিজেপি চৰকাৰৰ দাদাগিৰি নচলিব আদি শ্ল’গান দি চচলৰ পৰিৱেশ উত্তাল কৰি তোলে (NEMSU protest against Assam Govt in Guwahati) ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলামে কয়, ‘‘অসমৰ সংখালঘু লোকসকল পূৰ্বৰে পৰাই বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত আৰু জর্জৰিত ৷ বিগত সময়চোৱাত কোনো এখন চৰকাৰেই সংখ্যালঘু লোকসকলৰ শৈক্ষিক সামাজিক আৰু অৰ্থনৈতিক তথা সৰ্বাংগীন উন্নয়ন কৰাৰ ক্ষেত্ৰত পৰ্যাপ্ত ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক :Ali Ai Ligang in Assam: গোমৰাগ-ঐনিতমৰ ছন্দত মতলীয়া দিখৌমুখৰ জনমিৰি বৰগাঁওবাসী

বৰঞ্চ এই পিচপৰা সংখ্যালঘু লোকসকলক লৈ প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ স্বাৰ্থত ৰাজনীতি কৰি অহা পৰিলক্ষিত হৈছে’’ । তেওঁ আৰু কয়, ‘‘ৰাজনৈতিক দলসমূহে ৰাজনৈতিক বিভাজন আৰু ভয়-শংকাৰ ৰাজনীতি কৰি একমাত্ৰ সংখ্যালঘু লোকসকলক লৈ বিভাজনমুখী ৰাজনীতি কৰাৰ লগতে শাসন আৰু শোষণ কৰি আহিছে ।

শেহতীয়াকৈ এই পিচপৰা ৰাইজে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ জৰিয়তে অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে ধর্মীয় সংখ্যালঘু লোকসকলৰো সৰ্বাংগীন উন্নয়ন হ’ব বুলি আশা কৰিছিল । কিন্তু এই চৰকাৰৰ পৰা উন্নয়নৰ পৰিৱৰ্তে সংখ্যালঘু লোকসকলক বর্তমান শোষণ আৰু বঞ্চনাৰহে সন্মুখীন হৈছে’’ ।

তেওঁ লগতে কয়, ‘‘কল্যাণকামী ৰাষ্ট্ৰত নিৰ্বাচিত চৰকাৰৰ নাগৰিকৰ অন্ন, বস্ত্ৰ আৰু বাসস্থান সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আৰু কৰ্তব্য । গতিকে দেশক অৰ্থনৈতিক দিশত টনকিয়াল কৰাৰ ক্ষেত্ৰত যথেষ্ট অবদান আগবঢ়াই অহা সংখ্যালঘু লোকসকলক বর্তমান ধাৰাবাহিকভাৱে অমানৱীয়ভাৱে উচ্ছেদকাৰ্য চৰকাৰৰ দ্বাৰা চলোৱা হৈছে ।

উক্ত উচ্ছেদ বন্ধ কৰি অন্ন, বস্ত্ৰ আৰু বাসস্থান সুৰক্ষিত কৰাৰ লগতে উচ্ছেদিত পৰিয়ালক পুনঃসংস্থাপন দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক’’ ৷ আনহাতে, চৰকাৰে এই উচ্ছেদ কাৰ্য বন্ধ নকৰিলে বৃহৎ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ছাত্ৰ সংগঠনটোৱে ।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সন্থাৰ তৰফৰ পৰা দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ এখন স্মাৰক প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :Example of love for nature : পেঞ্চনৰ ধনেৰে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন নলবাৰীৰ কৰুণা শৰ্মাৰ

ABOUT THE AUTHOR

...view details