গুৱাহাটী, ৩১ মে': ৰাজ্যজুৰি চৰ্চিত বটদ্ৰৱাকাণ্ড সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । থানা জ্বলাই আৰক্ষীক আক্ৰমণ কৰা ঘটনাই ৰাজ্য তোলপাৰ কৰি থকাৰ সময়তে ঘটনাৰ মূল অভিযুক্ত আশ্বিকুল ইছলাম আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা ঘটনাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে বটদ্ৰৱাকাণ্ডৰ অন্যতম মাষ্টাৰমাইণ্ড বুলি চিহ্নিত আশ্বিকুল ইছলামক আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল । দেওবাৰে নিশাই আশ্বিকুলক লগত লৈ জুৰিয়াৰ সোনাইবেৰাস্থিত বাসগৃহত অভিযান চলাইছিল নগাঁও আৰক্ষীয়ে । অভিযান কালত আশ্বিকুলৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিস্তল, এটা পইন্ট ২২ পিষ্টল আৰু সাত জাই সজীৱ গুলিসহ বটদ্ৰৱা থানা জ্বলোৱা ঘটনাৰ দিনা পৰিহিত ৰঙা টি-চাৰ্টটো উদ্ধাৰ কৰিছিল ।
অভিযান সামৰি নিশা প্ৰায় ২.৩০ বজাত আশ্বিকুলক লগত লৈ জুৰীয়াৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত ৰাইডঙীয়াত আৰক্ষীৰ গাড়ীৰ পৰা জাপ দিয়াত পিছফালৰ পৰা আহি থকা আৰক্ষীৰ এছক'ৰ্ট বাহনৰ খুন্দাত নিহত হয় আশ্বিকুল ইছলাম । এই ঘটনাক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে এই ঘটনাক আৰক্ষীৰ এনকাউণ্টাৰৰ নতুন পেটাৰ্ন বুলি অভিহিত কৰিছে ।
ৰাজ্যজুৰি চৰ্চিত এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা নেকিবুৰ জামানে । তেওঁ কয় যে অসম আৰক্ষীৰ শেহতীয়া সংঘৰ্ষ নাইবা দুৰ্ঘটনা বুলি প্ৰচাৰ চলোৱা ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু হৈ আছে । উচ্চ ন্যায়ালয়ে চৰকাৰৰ পৰা এই সন্দৰ্ভত ব্যাখ্যা বিচাৰিছে । চৰকাৰে এই সন্দৰ্ভত দিয়া উত্তৰত সকলো কথা স্পষ্ট হ'ব ।