গুৱাহাটী,3 মাৰ্চঃসমাগত ৰঙৰ উৎসৱ ফাকুৱা ৷ ৰে'ল বিভাগে হোলী উপলক্ষে হাতত লৈছে এটা বিশেষ পদক্ষেপ ৷ হোলীৰ সময়চোৱাত যাত্ৰীৰ সুবিধাৰ্থে এখন বিশেষ ৰে'ল চলোৱাৰ ব্যৱস্থা কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ উল্লখ্য যে, হোলীৰ সময়ত গুৱাহাটীত কৰ্মৰত বিভিন্ন স্থানৰ লোকে ৰে'লৰ টিকট লাভ নকৰাৰ ফলত ঘৰলৈ যোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয় ৷ সেয়েহে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা ৷ গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা দিল্লীৰ আনন্দ বিহাৰলৈ চলিব এই বিশেষ ৰে’লখন ৷ ৭ মাৰ্চ আৰু ১২ মাৰ্চত চলিব এই বিশেষ ৰে'লখন ৷ পূৰ্বে টিকট ক্ৰয় কৰিব নোৱাৰা যাত্ৰীসকলে এই বিশেষ ৰে'লখনৰে নিজৰ ঘৰলৈ যাত্ৰা কৰিব পাৰিব ৷ এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে ৷ মুঠ ২০টা কোচ সংযুক্ত এই বিশেষ ৰে'লখন কেৱল হোলীৰ সময়চোৱাতে উপলব্ধ হ'ব বুলিও কয় মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ৷
হোলী উপলক্ষে বিশেষ ৰে’ল উত্তৰপূৱ সীমান্ত ৰে'লৱেৰ
ৰে'ল বিভাগে হোলী উপলক্ষে হাতত লৈছে এটা বিশেষ পদক্ষেপ ৷ হোলীৰ সময়চোৱাত যাত্ৰীৰ সুবিধাৰ্থে এখন বিশেষ ৰে'ল চলোৱাৰ ব্যৱস্থা কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা দিল্লীৰ আনন্দ বিহাৰলৈ চলিব এই বিশেষ ৰে’লখন ৷
হোলী উপলক্ষে ৰে'ল বিভাগৰ বিশেষ পদক্ষেপ,যাত্ৰীৰ সুবিধাৰ্থে চলিব বিশেষ ৰে’ল