গুৱাহাটী,22 জুন:উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ শীৰ্ষ বিষয়া আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত । ৰে'ল বিভাগৰ Principal chief commercial manager অনিত দৌলাত আক্ৰান্ত হৈছে কৰ'ণাত । বিষয়াগৰাকীৰ পুত্ৰ উদয় দৌলাতো কৰ'ণাত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে । দুয়ো গৰাকী ব্যক্তি বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ বিষয়াগৰাকী কোভিডত আক্ৰান্ত হোৱাৰ পিছত কাৰ্যালয় আৰু আৱাসগৃহ সম্পূৰ্ণৰূপে ছীল কৰিছে প্ৰশাসনে । ইফালে শেহতীয়াকৈ ৰে’লৱেৰ মেকানিকেল বিভাগৰ অজিত বৈশ্য নামৰ এগৰাকী বিষয়াও Covid 19 ত আক্ৰান্ত বুলি চিনাক্ত হৈছে । এইসমূহ ৰোগী চিনাক্ত হোৱাৰ পিছতে মুখ্য কাৰ্যালয় ছেনিটাইজ কৰে কৰ্তৃপক্ষই । তাৰোপৰি কাৰ্যালয়ত ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে । মাস্ক পৰিধান, সামাজিক দূৰত্ব কঠোৰভাৱে মানি চলিবলৈ সকলোকে নিৰ্দেশ দিছে ৰেল’ৱে কৰ্তৃপক্ষই ।
কৰ'ণাত আক্ৰান্ত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া - Principal chief commercial manager
ৰে'ল বিভাগৰ Principal chief commercial manager অনিত দৌলাত আক্ৰান্ত হৈছে কৰ'ণাত । বিষয়াগৰাকীৰ পুত্ৰ উদয় দৌলাতো কৰ'ণাত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে । দুয়ো গৰাকী ব্যক্তি বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

কৰ'ণাত আক্ৰান্ত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া
কৰ'ণাত আক্ৰান্ত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে পাণ্ডুৰ জয়মতী নগৰৰ শংকৰ বোস নামৰ এগৰাকী চাহ বিক্ৰেতা আক্ৰান্ত হৈছিল কৰ'ণাত । এই লোকজনে ৰে'লৱে কাৰ্যালয়ত চাহ বিক্ৰী কৰিছিল । সেয়াই আছিল উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ কৰ'ণা ৰোগীৰ প্ৰথমটো ঘটনা । কিন্তু শেহতীয়াকৈ আক্ৰান্ত বিষয়া দুগৰাকী পূৰ্বৰ কৰ'ণা আক্ৰান্ত চাহ বিক্ৰেতাগৰাকীৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি দাবী কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।